নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীৰ তিনিটুকুৰা ৰাজাবাৰীত ব্রহ্মপুত্রৰ বুকুত অবৈধ খনন

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃপূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ নাৰেংগী খণ্ড বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত পানীখাইতীৰ ৰাজাবাৰী–তিনিটুকুৰাত্ অবাধ গতিত চলিছে বনজ সম্পদৰ ৰমৰমীয়া ব্যৱসায়৷

জানিব পৰা মতে, এক দুষ্টচক্রই বন বিভাগ আৰু জিলা প্রশাসনক মেনেজ কৰি দিনে–নিশাই ডিআই পিক আপ ভেনেৰে ব্রহ্মপুত্রৰ দাঁতিত খনন কার্য চলাই পানীখাইতীৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চললৈ মাটি–বালি সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ ইয়াৰ উপৰি ৰাজাবাৰীস্থিত কেইবাটাও ইটাভাতালৈ ইটা বনোৱা কামত বালি মাটি ব্যৱহাৰৰ বাবে দৈনিক ২০–৩০খনতকৈ অধিক ডিআই পিক আপ ভানে অবৈধভাৱে বালি–মাটি কঢ়িয়াই আহিছে৷ এনেদৰে দিনে–নিশাই অবৈধভাৱে বালি–মাটি কঢ়িয়াই থকাৰ পিছতো চকুমুদা কুলিৰ ভাও জোৰাৰ অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে৷

এনেদৰে বালি–মাটি কঢ়িয়াই থকাৰ ফলত অঞ্চলটোত ভয়াৱহ বায়ু প্রদূষণ সংঘটিত হোৱা বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰাৰ উপৰি অনাগত দিনত অঞ্চলটো ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা ব্যক্ত কৰিছে সচেতন ৰাইজে৷ সেয়েহে শীঘ্রে এই অবৈধ খনন কার্য ৰোধৰ বাবে জিলা প্রশাসন তথা বন বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে৷ এক অভিযোগ মতে অসাধু চক্রটোৱে প্রতিমাহে এক শকত ধন বন বিভাগক আদায় দি আহিছে, যাৰ ফলত বন বিভাগে ৰাইজৰ অভিযোগক গুৰুত্ব নিদি দুষ্টচক্রটোক অবৈধ খননত পৃষ্ঠপোষকতা আগবঢ়াই আহিছে৷

You might also like