নাৰেংগী কন্যা মহাবিদ্যালয়ৰ বার্ষিক সমাৰোহত সাংস্কৃতিক শোভাযাত্রা
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ জু–নাৰেংগীস্থিত কন্যা মহাবিদ্যালয়ৰ ৪৪সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বৃহস্পতিবাৰে এক বর্ণাঢ়্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রীস অংশগ্রহণেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্রাটো মহাবিদ্যালয় চৌহদৰ পৰা আৰম্ভ কৰি জু–ৰোড তিনিআলি হৈ মহাবিদ্যালয় চৌহদত সমাপ্ত হয়৷ মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰীণাৰাণী বৰদলৈয়ে শুভাৰম্ভ কৰা সাংস্কৃতিক শোভাযাত্রাটোত ছাত্র–ছাত্রীসকলে বিভিন্ন জাতি–জনগোষ্ঠীৰ সংস্কৃতি, সাজ–পোছাক পৰিধান কৰাৰ লগতে থলুৱা পোছাক পৰিধান কৰি শোভাযাত্রাৰ সৌষ্ঠৱ বঢ়াই তোলে৷