নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়ম অমান্য কৰা চিটীবাছৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীত চিটী বাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান । চালকসকলে ছীট বেল্ট নলগোৱা, গাড়ীৰ দৰ্জা বন্ধ নকৰা চৰকাৰী-বেচৰকাৰী বাছৰ বিৰুদ্ধে চলিছে এই অভিযান । এই অভিযানৰ নেতৃত্ব দিছে নতুন পৰিবহণ আয়ুক্ত আদিল খানে ।

উল্লেখ্য যে, চিটীবাছসমূহে আইন অমান্য কৰাৰ লগতে বাছ আস্থানসমূহত বহু সময় ধৰি বাছ ৰখোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া । শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে পৰিবহণ বিভাগে আৰম্ভ কৰিছে অভিযান । এই অভিযানত ইতিমধ্যে বহুকেইখন চৰকাৰী-বেচৰকাৰী বাছক জৰিমনা বিহাৰ লগতে জব্দ কৰা হৈছে ।

You might also like