নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতাকা উত্তোলনেৰে ৰঙালী বিহু সামৰিবলৈ আহ্বান বিহু সমন্বয়ৰক্ষী সমিতিৰ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ সাম্প্ৰতিক ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে যোৱা ২০ মাৰ্চত সমিতিৰ উদ্য়োগত অনুষ্ঠিত সভাৰ সিদ্ধান্তটোক কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাইছে। বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে এই সম্পৰ্কত এক বিবৃতিযোগে কয় যে ক’ৰোনা ভাইৰাছে বিশ্বৰ লগতে ভাৰত তথা অসমকো সংক্ৰমিত কৰিছে। এই ৰোগ নিয়ন্ত্ৰণৰ প্ৰধান ব্যৱস্থাটোৱেই হ’ল মানুহৰ সামাজিক দূৰত্ব অৱলম্বন কৰা। সেইবাবে এইবেলি ৰঙালী বিহুৰ সমূহ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি চ’তৰ সংক্ৰান্তিৰ দিনা পুৱা কেৱল বিহুৰ পতাকা উত্তোলনৰ কাৰ্যসূচীহে পালন কৰিবলৈ গুৱাহাটী সমূহ বিহু সন্মিলনলৈ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতীয়ে আহ্বান জনাইছে। এই কাৰ্যসূচী ৰূপায়ণ
কৰোঁতে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসাৰে কেৱল ৫জন ব্যক্তিহে সামাজিক দূৰত্ব অৱলম্বন কৰি এই কাৰ্যসূচী পালন কৰিব পাৰিব।

You might also like