পুনৰ গুৱাহাটীত চলিব বাইক টেক্সি সেৱাঃ এছিয়াৰ শীৰ্ষ বিষয়াৰে আলোচনা মন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ পুনৰ মহানগৰী গুৱাহাটীত চলিব ৰেপিড’ , উবেৰ, অ’লা বাইক টেক্সি সেৱা । মহানগৰীত পৰিবহণ বিভাগে বন্ধ কৰিছিল এই বাইক টেক্সি সেৱা । বুধবাৰে পৰিবহণ মন্ত্ৰীৰ সৈতে বাইক টেক্সি সেৱাৰ চালকৰ এক বৈঠকৰ পাচতে এই ঘোষণা কৰে পৰিবহণ মন্ত্ৰীয়ে ।
পৰিবহণ মন্ত্ৰীয়ে জনায় যে,’এই টেক্সি সেৱা বন্ধ কৰা হোৱা নাছিল । আজি আমি এছিয়া আৰু ভাৰতৰ অ’লা, উবেৰৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হওঁ । যাত্ৰীৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব প্ৰদান কৰিব লাগিব চালকসকলে । চালক আৰু গ্ৰাহক দুয়োজনেই হেলমেট পৰিধান কৰাৰ লগতে পৰিবহণ বিভাগৰ নীতি-নিয়ম সমূহো মানি চলিব লাগিব ।’