নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদিনৰ ৰং–বিৰঙী সামগ্রীৰে ভৰিছে গুৱাহাটীৰ বজাৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ পৱিত্র বৰদিনলৈ মাজত মাথোঁ এটা সপ্তাহ ৷ পিচে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা গণ আন্দোলনে ম্লান কৰিছে বৰদিনৰ উছাহ ৷ ‘কা’বিৰোধী প্রতিবাদৰ মাজতো গুৱাহাটী মহানগৰীত বৰদিন উদ্যাপনৰ প্রস্তুতি চলাইছে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে ৷ সজাই–পৰাই তোলা হৈছে মহানগৰীৰ গির্জাঘৰসমূহ ৷

গুৱাহাটীত সান্ধ্য আইন প্রত্যাহাৰ কৰাৰ পিছতে কেৰ্লৰ ধ্বনিৰে মুখৰ হৈ পৰিছে গির্জাঘৰৰ লগতে ভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ কার্যালয় ৷ মহানগৰীৰ বজাৰতো দেখিবলৈ পোৱা গৈছে বৰদিনৰ আটকধুনীয়া সা–সামগ্রী৷ ফাঁচীবজাৰ, শিলপুখুৰী, গণেশগুৰি, জু–ৰোড তিনিআলিকে ধৰি ভিন্ন বিপণীত উভৈনদী হৈ পৰিছে বৰদিনৰ সামগ্রী ৷

অৱশ্যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদৰ বাবে বৰদিনৰ বজাৰত গ্রাহকৰ ভিৰ পূর্বৰ তুলনাত যথেষ্ট কম হোৱা বুলি ব্যৱসায়ীসকলে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিছে ৷ তথাপি খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে বৰদিনৰ বাবে সামগ্রী ক্রয় কৰিছে ৷

বিগত বর্ষৰ দৰে এইবাৰো ভিন্ন আকাৰৰ খ্রীষ্টমাছ ট্রী ৪০ৰ পৰা ৪,০০০ টকালৈকে বিক্রী হৈছে ৷ ছাণ্টাক্ল’জৰ পুতলা বিক্রী হৈছে ১০ৰ পৰা ৬,০০০ টকাৰ ভিতৰত ৷ একেদৰে ছাণ্টাক্ল’জৰ পোছাক ২৫০ৰ পৰা ১,০০০ টকা, ষ্টাৰ ১৫ৰ পৰা ১,০০০ টকা, বিভিন্ন আকৃতিৰ বল ১০ৰ পৰা ৮০ টকা, ছাণ্টাক্ল’জৰ টুপী ২০ৰ পৰা ১০০ টকা, জিংগল বেল ৩০ৰ পৰা ৮০০ টকা৷ বিভিন্ন ৰঙৰ মালা ২০ৰ পৰা ১০০ টকা আদি দৰত বিক্রী হৈছে ৷

ইফালে খ্রীষ্টমাছ উপলক্ষে মহানগৰীৰ একাংশ ৰেষ্টুৰেণ্টেও তৈয়াৰ কৰিছে ভিন্ন ফ্লেভাৰৰ বৰদিনৰ কেক ৷ লগতে উপলব্ধ হৈছে ভিন্ন সোৱাদৰ সৰু–বৰ সুস্বাদু চকলেট আৰু ড্রাইফুড ৷ বৰদিন উপলক্ষে ৰেষ্টুৰেণ্টসমূহে গ্রাহকক আকর্ষণ কৰিবলৈ বিশেষ মেন্যুৰো ব্যৱস্থা কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদৰ মাজতো বৰদিন উদ্যাপনৰ বাবে মহানগৰীত খ্রীষ্টানধর্মী লোকসকলে প্রস্তুতি চলাইছে ।

You might also like