নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অগ্নিকাণ্ডত দুটি শিশুৰ কৰুণ মৃত্যু

মহানগৰীৰ ওৱাৰলেছত ভয়াৱহ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ মহানগৰীৰ ওৱাৰলেছত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যুক সাৱতিলে দুটিকৈ কণমানি শিশুৱে।  মৃত শিশু দুটি ইভন গোস্বামী আৰু ঈশান গোস্ৱামী বুলি জানিব পৰা গৈছে। এটি শিশুৰ বয়স প্ৰায় ৮বছৰ আৰু আনটো শিশুৰ বয়স ৩ বছৰ। বশিষ্ঠপুৰৰ ১নং উপপথৰ ২নং বাসগৃহত এই অগ্নিকাণ্ডৰ সূত্ৰপাত। ছিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। শিশুদুটিৰ পিতৃ-মাতৃ ক্ৰমে তুষাৰ গোস্বামী আৰু শিল্পী বৰা গোস্বামী। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল পিতৃ-মাতৃ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু  শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰে।সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনীয়ে  নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত জাহ যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী। ঈশান গোস্ৱামী শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ।

You might also like