মহানগৰীত গন্তব্যস্থানলৈ নচলে চিটীবাছ
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু পৰিবহণ বিভাগৰ দায়িত্বহীনতাৰ বাবে মহানগৰীৰ প্রতিটো পথত আজিও চিটীবাছ চলাচল কৰা নাই৷ কেৱল চমক সৃষ্টিৰ বাবে মহানগৰ জিলা পৰিবহণ বিভাগে প্রতিটো বাছষ্টপত চিটীবাছ ৰখোৱাৰ লগতে নির্দিষ্ট স্থানলৈ চিটীবাছ চলাচল কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছিল৷ মহানগৰ জিলা পৰিবহণ বিভাগৰ দায়িত্বহীনতাৰ সুযোগ লৈ চিটীবাছ চালকসকলে গন্তব্য স্থানৰ পৰিৱর্তে আধাবাটতে সামৰে যাত্রা৷ যাৰ ফলশ্রুতিত পশ্চিম গুৱাহাটীৰ ৰাইজৰ বাবে একপ্রকাৰ নষ্টালজিয়া আৰু ইতিহাসত পৰিণত হোৱাৰ উপক্রম ঘটিছে মহানগৰীৰ চিটীবাছ সেৱা৷ অথচ প্রায় দুটা দশক আগলৈকে নিশা ৯ বজালৈকে চিটীবাছ চলাচল কৰিছিল পশ্চিম গুৱাহাটীৰ ৰাণী, মাজিৰগাঁও, আজাৰাৰ ভি আই পিলৈকে৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটীবাছ সেৱাৰ উপৰি ব্যক্তিগত খণ্ডৰ চিটীবাছ সেৱাই ৰাণী, আজাৰা ভি আই পি, মাজিৰগাঁৱকে ধৰি পশ্চিম গুৱাহাটীৰ এক বিস্তীর্ণ অঞ্চল সামৰি লৈছিল৷ কিন্তু কালক্রমত ২০০১–০২ চন মানৰ পৰা লাহে লাহে ৰাজহুৱা খণ্ডৰ পৰিবহণ নিগমৰ লগতে ব্যক্তিগত খণ্ডৰ চিটীবাছ সেৱা কোনো কাৰণ নোহোৱাকৈ বন্ধ হয়৷ তাৰ ঠাই ল’বলৈ আৰম্ভ কৰে মেজিককে ধৰি তেনে ধৰণৰ চাৰিচকীয়া লঘু বাহনসমূহে৷ কিন্তু এই লঘু বাহন তুলনামূলকভাৱে অধিক খৰচী হোৱা আৰু মির্জা, বিজয়নগৰকে ধৰি দক্ষিণ কামৰূপৰ ভিন্ন প্রান্তৰ পৰা অহা এই বাহন কেৱল জালুকবাৰী বা আদাবাৰীলৈকে চলাচল কৰে৷ ফলত আদাবাৰীৰ পৰা মাত্র এক কিলোমিটাৰ দূৰত্বৰ মালিগাঁৱলৈ কোনো লোক ধাৰাপুৰ বা খানামুখৰ পৰা অহা–যোৱা কৰিব লাগিলেও মাত্র ছয়–সাত কিলোমিটাৰ ব্যৱধানত দুখনকৈ বাহন সলাবলগীয়া হয়৷ এনেকৈ অহা–যোৱা কৰিবলগীয়া হোৱাৰ ফলত পশ্চিম গুৱাহাটীৰ ৰাইজে ভাৰাৰ নামত অযথা অধিক খৰস্বান্ত আৰু অধিক সময়ৰ অপচয় কৰিবলগীয়া হৈছে৷ এইখিনিতে উল্লেখযোগ্য যে ৰাইজৰ বহুদিনীয়া দাবীৰ প্রতি সঁহাৰি জনাই ২০১৬–১৭ চনত কামৰূপ মহানগৰ জিলাৰ তদানীন্তন উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ অধ্যক্ষ ড০ এম অংগমুথুৱে তেতিয়া নাৰেংগীৰ পৰা লংকেশ্বৰলৈ চলাচল কৰি থকা ৬নং সেৱাৰ চিটীবাছসমূহ লংকেশ্বৰৰ পৰা মাত্র এক কিলোমিটাৰ নিলগৰ খানামুখলৈ চলাচল কৰা সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিছিল৷ কিন্তু এটা বছৰ চলাচল কৰাৰ পিছত এই সেৱা প্রায় বন্ধ হৈ পৰে৷ আনহাতে, পৰৱর্তী সময়ত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ ফালৰ পৰা গুৱাহাটীৰ চিটীবাছ সেৱাক ন–ৰূপ দিয়াৰ লক্ষ্যৰে মহানগৰীৰ চিটীবাছ সেৱাৰ পথসমূহৰ নম্বৰৰ ব্যাপক সালসলনি কৰাৰ লগতে ৰাইজৰ সুবিধার্থে নতুন নতুন অঞ্চলক সামৰি লোৱাৰ নির্দেশনা জাৰি কৰা হয়৷ সেই অনুসৰি ৩৬নং সেৱাৰ চিটীবাছসমূহক নাৰেংগীৰ পৰা চানমাৰি হৈ খানামুখলৈ চলাচল কৰা আৰু ৩৮নং সেৱাৰ চিটীবাছসমূহক বশিষ্ঠৰ পৰা ধাৰাপুৰ চাৰিআলিলৈকে চলাচল কৰিবলৈ নির্দেশনা জাৰি কৰা হয়৷ কিন্তু আন বহু চৰকাৰী নির্দেশৰ দৰে সেই নির্দেশনাও পাহৰণিৰ গর্ভলৈ গতি কৰাত পুনৰ দুখলগাকৈ চিটীবাছ সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে পশ্চিম গুৱাহাটীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ৷ পশ্চিম গুৱাহাটী ছাত্র সন্থা, পশ্চিম গুৱাহাটী সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পশ্চিম গুৱাহাটী শাখা, অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্রাধিকৰণ কর্তৃপক্ষক ৩৬ আৰু ৩৮ নম্বৰ সেৱাৰ চিটীবাছসমূহক খানামুখ–ধাৰাপুৰলৈ চলাচল কৰাৰ ক্ষেত্রত তৎপৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷