নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টি–২০ বিশ্বকাপঃ ২৩ অক্টোবৰত মুখামুখি হ’ব ভাৰত-পাক

 

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ আধুনিক ক্রিকেটৰ আটাইতকৈ জনপ্রিয় সংস্কৰণ টি–২০ ক্রিকেটৰ মহাযুদ্ধ আৰম্ভ হ’ল অষ্ট্রেলিয়াত৷ আজি দেশখনৰ গীলঙৰ কার্ডিনিয়া পার্কত প্রতিযোগিতাখনৰ যোগ্যতা নির্ণায়ক প্রতিযোগিতাৰ জৰিয়তে বিশ্বকাপৰ ৰণশিঙা বাজিল৷ অৱশ্যে বিশ্বকাপৰ মূল পর্ব তথা ছুপাৰ ১২ আৰম্ভ হ’ব অহা ২২ অক্টোবৰৰ পৰা৷ টি–২০ বিশ্বকাপৰ মূল পর্বলৈ ইতিমধ্যে পোনপটীয়াকৈ যোগ্যতা অর্জন কৰিছে ৮খন দেশে৷ মূল যুঁজলৈ যোগ্যতা নির্ণয় কৰা দেশকেইখন হ’ল– আফগানিস্তান, অষ্ট্রেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, পাকিস্তান, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা৷ ২০২১ বর্ষৰ প্রদর্শন আৰু যোৱা বছৰ ১৫ নৱেম্বৰৰ ভিতৰত দলসমূহৰ ৰেংকিঙৰ ভিত্তিত এই দেশকেইখনে প্রতিযোগিতাখনৰ ছুপাৰ ১২ত পোনপটীয়াকৈ খেলাৰ সুযোগ লাভ কৰিছে৷ এই ৮টা দলৰ উপৰি যোগ্যতা নির্ণায়ক প্রতিযোগিতাৰ পৰা অন্য ৪টা দলে ছুপাৰ ১২ত খেলাৰ যোগ্যতা অর্জন কৰিব৷

আজিৰে পৰা যোগ্যতা পর্বত প্রতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া দলকেইটা হ’ল– নেদাৰলেণ্ডছ, শ্রীলংকা, ইউএই, নামিবিয়া, আয়াৰলেণ্ড, ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ড আৰু জিম্বাব’ৱে৷ এই ৮টা দলক দুটা গ্রুপত ভাগ কৰা হৈছে৷ গ্রুপ ‘এ’ত স্থান লাভ কৰিছে নেদাৰলেণ্ডছ, শ্রীলংকা, ইউএই আৰু নামিবিয়াই৷ আনহাতে গ্রুপ ‘এ’ত আছে আয়াৰলেণ্ড, ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ড আৰু জিম্বাব’ৱে৷ একেদৰে ছুপাৰ ১২ত স্থান লাভ কৰা দলসমূহকো দুটা গ্রুপত বিভক্ত কৰা হৈছে৷ সেই অনুসৰি গ্রুপ ১ত ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্রেলিয়া আৰু আফগানিস্তানে স্থান লাভ কৰাৰ বিপৰীতে গ্রুপ ২ত অন্তর্ভুক্ত হৈছে বাংলাদেশ, পাকিস্তান, ভাৰত আৰু দক্ষিণ আফ্রিকা৷ ছুপাৰ ১২ত মুঠ ৩০খন মেচ খেলোৱা হ’ব৷ ইয়াৰ পৰা শীর্ষ ৪টা দলে ছেমিফাইনেল খেলিব৷ প্রতিযোগিতাখনত মুঠ ৪৫খন মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে যোগ্যতা নির্ণায়ক পর্বত অংশগ্রহণ কৰা ৮টা দলে গ্রুপৰ পৰা শীর্ষ দুটাকৈ দলে ছুপাৰ ১২লৈ যোগ্যতা অর্জন কৰিব৷ আজি যোগ্যতা অর্জন পর্বৰ গ্রুপ ‘এ’ৰ প্রথমখন মেচত শ্রীলংকা মুখামুখি হ’ব নামিবিয়াৰ৷

এইবাৰ টি–২০ বিশ্বকাপত অভিলেখ পৰিমাণৰ প্রাইজমানী আগবঢ়োৱা হৈছে৷ প্রতিযোগিতাখনত মুঠ প্রাইজমানীৰ পৰিমাণ ৫.৬ মিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্রাত যাৰ পৰিমাণ প্রায় ৪৬ কোটি ৮ লাখ টকা৷ ১৩ নৱেম্বৰত মেলৱ’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত বিজয়ী হোৱা চেম্পিয়ন দলটোৱে লাভ কৰিব ১.৬ মিলিয়ন ডলাৰ অর্থাৎ প্রায় ১৩ কোটি ১৭ লাখ টকা৷ আনহাতে ৰানার্ছআপ দললৈ আগবঢ়োৱা হ’ব ছয় কোটি ৬০ লাখ টকা৷ ছেমিফাইনেলত পৰাজিত হোৱা দল দুটাই ৩ কোটি ৬০ লাখ টকাকৈ লাভ কৰাৰ বিপৰীতে অন্য ৮টা দলে ৫৭ লাখ ৬১ হাজাৰ টকাকৈ লাভ কৰিব৷ ছুপাৰ ১২ত খেলিবলগীয়া মেচসমূহৰ প্রতিখন মেচত জয়লাভ কৰা দলবোৰে ৩২ লাখ ৫১ হাজাৰ টকাকৈ অর্জন কৰিব৷

গ্রুপ পর্যায়ত জয়লাভ কৰা প্রতিখন মেচৰ পৰা দলসমূহে ২ পইণ্টকৈ লাভ কৰিব৷ মেচ টাই হ’লে ছুপাৰ অভাৰৰ জৰিয়তে ফলাফল নির্ণয় কৰা হ’ব৷ কোনো কাৰণত ছুপাৰ অভাৰ খেলা সম্ভৱ নহ’লে দুয়োটা দলক ১ পইণ্টকৈ ভগাই দিয়া হ’ব৷ গ্রুপ পর্যায়ত দুটা দলৰ পইণ্টৰ সংখ্যা সমান হ’লে দুয়োটা দলৰ মাজত বিজয়ৰ সংখ্যা আৰু নেট ৰান ৰেটৰ ভিত্তিত কোনটো দলে পৰৱর্তী পর্যায়লৈ উন্নীত হ’ব সেই সিদ্ধান্ত লোৱা হ’ব৷

এইবাৰ বিশ্বকাপত আটাইতকৈ বয়স্ক দল ৰূপে পৰিগণিত হৈছে অষ্ট্রেলিয়া৷ দলটোৰ গড় বয়স ৩১.১৩৷ ইয়াৰ বিপৰীতে আটাইতকৈ যুৱ দলটো হ’ল আফগানিস্তান৷ দলটোৰ খেলুৱৈসকলৰ গড় বয়স ২৩.৭৩৷ প্রতিযোগিতাখনৰ কনিষ্ঠতম খেলুৱৈগৰাকী হ’ল ইউএইৰ আয়ান আফজল খান৷ তেওঁৰ বয়স ১৬ বছৰ ৩৩৪ দিন৷ ইয়াৰ বিপৰীতে প্রতিযোগিতাখনৰ আটাইতকৈ বয়স্ক খেলুৱৈগৰাকী হ’ল নেদাৰলেণ্ডছৰ ষ্টিফেন মায়বর্গ৷ তেওঁৰ বয়স ৩৮ বছৰ ২২৯ দিন৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে বিশ্বকাপত ক্রিকেটৰ কিছুমান নতুন নিয়ম প্রয়োগ কৰিব আয়োজক আইচিচিয়ে৷ প্রতিযোগিতাখনৰ ছুপাৰ ১২ৰ প্রথমখন মেচত ছিডনীত মুখামুখি হ’ব অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড৷ গ্রুপ পর্যায়ৰ নিজৰ প্রথমখন মেচত চিৰন্তন প্রতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ এইবাৰ বিশ্বকাপত অনুৰাগীৰ বাবে এইখনেই আটাইতকৈ আকর্ষণীয় মেচ হ’ব৷ ইতিমধ্যে মেচখনৰ সকলো টিকট বিক্রী হৈছে৷ ৯ আৰু ১০ নৱেম্বৰত ছেমিফাইনেল দুখন আৰু ১৩ নৱেম্বৰত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব৷

You might also like