নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত জিআৰপিয়ে জব্দ কৰিলে ৩.৫ কেজি সন্দেহজনক আফিং

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ গুৱাহাটী ষ্টেচনত শুকুৰবাৰে ৰে’লৱে আৰক্ষীয়ে এজন সন্দেহজনক লোকৰ পৰা ৩.৫ কেজি আফিং জব্দ কৰে ।

এই অবৈধ সামগ্ৰীখিনি এজন ৪০ বছৰীয়া লোকৰ পৰা উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে আটক হোৱা লোকজন ডিব্ৰুগড় ষ্টেচনৰ পৰা কোচবিহাৰলৈ যাত্ৰা কৰি থকাৰ সময়তে এই সামগ্ৰীখিনি ৰে’লৱে আৰক্ষীয়ে জব্দ কৰে ।

ইতিমধ্যে আটকাধীন লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে ।

You might also like