মহানগৰীত মাছ–মাংস, পাচলি ফেৰীৱালাই বিয়পাব পাৰে ক’ৰোনা
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ সম্প্রতি ক’ৰোনা মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ কেন্দ্রীয় চৰকাৰৰ নির্দেশত দেশজুৰি চলি থকা লকডাউনৰ সময়তে গুৱাহাটী মহানগৰীৰ অলিয়ে–গলিয়ে এতিয়া ইছলাম ধর্মীয় লোক ফেৰীৱালাৰ ৰূপত সোমাই পৰিছে মাছ–মাংস, শাক–পাচলিৰ বেপাৰীৰ ৰূপত৷ ইয়াৰ ভিতৰতে কোনোবা তবলিগী জামাতী নতুবা তেওঁলোকৰ সংস্পর্শলৈ অহা লোকো থাকিব পাৰে৷ ইয়াৰ ফলত মহানগৰবাসীৰ মাজলৈও বিয়পিব পাৰে ক’ভিড–১৯ৰ মাৰাত্মক বীজাণু৷– এই আশংকা হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ ৷
এক প্রেছ বিবৃতিৰ জৰিয়তে এই সন্দেহ প্রকাশ কৰি পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই কয় যে অসম চৰকাৰৰ যোগান বিভাগৰ ব্যর্থতাৰ বাবে আৰু গুৱাহাটী মহানগৰীৰ উপায়ুক্তৰ অদক্ষতাৰ বাবে গুৱাহাটীৰ পদপথত আৰু বাটে–পথে এতিয়া হাজাৰ হাজাৰ সন্দেহজনক বেপাৰীয়ে ভিৰ কৰিছে৷ এইবোৰ দেখিও জিলা প্রশাসনে চকু মুদা কুলিৰ ভাও ধৰিছে বুলিও বৈশ্যই আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ একেটা বিবৃতিতে বৈশ্যই আৰু কয় যে যিটো সময়ত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রীগৰাকীয়ে অশেষ কষ্ট কৰি ক’ভিড–১৯ক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে, সেই সময়তে কেইজনমান অসাধু আৰু অদক্ষ বিষয়াৰ বাবেই পুনৰ মহানগৰী তথা অসমবাসী ক’ৰোনাৰ চিকাৰ হ’বলৈ অগ্রসৰ হৈছে৷ বিবৃতিটোত পৰিষদৰ সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে জিলা মীন উন্নয়ন বিষয়াগৰাকীয়ে শকত ধনৰ বিনিময়ত জধে–মধে মহানগৰীত মাছ বিক্রী কৰাৰ বাবে অনুমতি প্রদান কৰাৰ অভিযোগো বিভিন্ন মহলত প্রচাৰিত হৈছে৷ মুঠতে মহানগৰবাসীক পণবন্দী কৰি এচাম অসাধু চক্রই চলাইছে ৰমৰমীয়া ব্যৱসায়৷ চৰকাৰক এইক্ষেত্রত সক্রিয়তাৰে পদক্ষেপ ল’বৰ বাবে আহ্বান জনাইছে৷