মহানগৰীত মৃত জীৱ–জন্তুৰ মাংসৰ বেহা
খানাপাৰাত আঠটা মৃত গাহৰিসহ বাহন জব্দ অসম একত্রিত যুৱ পৰিষদৰ
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত এটা অসাধু চক্রই দীর্ঘদিন ধৰি হোটেল–ৰেষ্টুৰেণ্টত বেমাৰী গাহৰিৰ মাংস যোগান ধৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ খাদ্য সুৰক্ষা বিভাগৰ দুর্বলতাৰ সুযোগ লৈ এই অসাধু চক্রটোৱে মহানগৰীৰ হোটেল–ৰেষ্টুৰেণ্টত বেমাৰী গাহৰিৰ যোগান ধৰি অহা অভিযোগৰ সত্যতা প্রমাণিত কৰি দেওবাৰে খানাপাৰাত ৮টা মৰা গাহৰিসহ এখন বাহন জব্দ কৰে সদৌ অসম একত্রিত যুৱ পৰিষদৰ সদস্যই৷ বর্ণিহাটৰ পৰা ৮টা মৰা গাহৰি এ এছ–০১–এল–চি ৩১৪৫ নম্বৰৰ টাটা ডি আই বাহনখনেৰে গুৱাহাটীলৈ আনি থকাৰ সময়তে খানাপাৰাত সংগঠনটোৰ সদস্যসকলে বাহনখন জব্দ কৰে৷ ইয়াৰ পিছতে সংগঠনটোৰ সদস্যসকলে বাহনখনৰ চালক ৰাজু কুমাৰ দাস আৰু ব্যৱসায়ী দুর্গা ৰংপিক আটক কৰি সোধা–পোছা কৰে৷ চালক আৰু ব্যৱসায়ীজনে সংগঠনটোৰ সদস্যসকলৰ প্রশ্ণৰ উত্তৰ দিব নোৱৰাত আৰক্ষীক গতাই দিয়ে৷ সদৌ অসম একত্রিত যুৱ পৰিষদৰ সদস্যসকলে কৰা অভিযোগ অনুসৰি হাৰিয়ানাৰ পৰা গুৱাহাটীলৈ ৰে’লযোগে বাবলু নামৰ এজন ব্যৱসায়ীয়ে গাহৰি সৰবৰাহ কৰে৷ ব্যৱসায়ী বাবলুৱে বেমাৰী আৰু মৰা গাহৰি মহানগৰীৰ একাংশ হোটেল–ৰেষ্টুৰেণ্টত যোগান ধৰি আহিছে৷ দেওবাৰেও বাবলুৰ নির্দেশতে টাটা ডি আই বাহনখনেৰে ৮টা মৰা গাহৰি গুৱাহাটীৰ হোটেল ৰেষ্টুৰেণ্টলৈ আনিছিল বুলি সংগঠনটোৰ সদস্যসকলে অভিযোগ কৰিছে৷ মৰা গাহৰি কঢ়িয়াই অনা বাহনসহ চালক আৰু ব্যৱসায়ীজনৰ বিৰুদ্ধে সদৌ অসম একত্রিত যুৱ পৰিষদে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ এই সমগ্র ঘটনা সন্দর্ভত সংগঠনটোৰ বিষয়ববীয়াই গুৱাহাটী পৌৰ নিগম, খাদ্য সুৰক্ষা বিভাগ, পশুপালন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষক অভিযোগ দাখিল কৰিছে৷ উল্লেখ্য যে জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই একাংশ অসাধু ব্যৱসায়ীয়ে গুৱাহাটীত মৃত অথবা বেমাৰী গাহৰিৰ মাংস বিক্রী কৰি অহা বিষয়টো সন্দর্ভত বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷