নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ৬০ শতাংশ ৰেহাই মূল্যত পাচলি বিক্রী

অসম লেবাৰ পার্টীৰ বিশেষ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে আঞ্চলিক ৰাজনৈতিক দল অসম লেবাৰ পার্টীয়ে গ্রাহকসকলক সকাহ দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে ৷

নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সুযোগ গ্রহণ কৰি মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠন চলোৱাৰ সময়তে আঞ্চলিক ৰাজনৈতিক দলটোৰ কর্মকর্তাসকলে মহানগৰীত ৬০ শতাংশ ৰেহাই মূল্যত পাচলি বিক্রী কৰাৰ পাছত দিছপুৰ প্রেছ ক্লাবত লেবাৰ পার্টীৰ কর্মীসকলে প্রতি কিলোগ্রাম পাচলি মাত্র দহ টকাত বিক্রী কৰে ৷

বুধবাৰে পুৱা ভানভর্তি কৰি পাচলি লৈ আহি দিছপুৰস্থিত গণেশমন্দিৰৰ গণেশ উদ্যানত মেলি দিয়াত শ শ গ্রাহকে ভিৰ কৰে ৷

উল্লেখ্য যে লেবাৰ পার্টীৰ কর্ম–কর্তাসকলে ফুলকবি, ওলকবি, বিলাহী, বন্ধাকবি, মূলা আৰু অন্যান্য পাচলি প্রতি কেজি দহ টকাত বিক্রী কৰিছে ৷ লেবাৰ পার্টীৰ কর্মকর্তাসকলে জানিবলৈ দিয়া মতে, ৰাজ্যৰ বিভিন্ন প্রান্তৰ খেতিয়কৰ পৰা পাচলি ক্রয় কৰি আনি ৬০ শতাংশ ৰেহাই মূল্যত বিক্রী কৰিছে ।

You might also like