নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ দৰিদ্ৰ জনতালৈ প্ৰশাসনৰ বিনামূলীয়া খাদ্য

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ লকডাউনৰ সময়ছোৱাত মহানগৰীৰ দৰিদ্ৰ জনতালৈ এসপ্তাহৰ খাদ্যবস্তু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ । সোমবাৰে এই কথা ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে । মহানগৰীত থকা এনে লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে প্ৰশাসনে ব্যৱস্থা লোৱা বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।

সোমবাৰে বিয়লি সংবাদমাধ্যমৰ জৰিয়তে খাদ্যবস্তু বিতৰণৰ স্থান সমূহো ঘোষণা কৰা । মঙলবাৰৰ পৰা দৰিদ্ৰ লোকসকলক বিতৰণ কৰা হ’ব খাদ্যবস্তু । উপায়ুক্তগৰাকীয়ে কয় যে, প্ৰতিটো পৰিয়ালৰ একোজনকৈ সদস্যই খাদ্যবস্তুসমূহ গ্ৰহণ কৰিবলৈ আহিব লাগিব । পৰিয়ালৰ সদস্যৰ সংখ্যা অনুপাতে এসপ্তাহৰ ৰেচন যোগান ধৰা হ’ব প্ৰতিটো পৰিয়াললৈ ।

যিসকলে লোকে দিন-হাজিৰা কৰি অথবা দিনটো কাম নকৰিলে পৰিয়াল নচলে সেইসকল লোকৰ বাবেই প্ৰশাসন গ্ৰহণ কৰিছে এনে ব্যৱস্থা । ইতিমধ্যে খাদ্য়সমূহ পেকেট কৰাৰ কাম আৰম্ভ কৰিছে মহানগৰ জিলা প্ৰশাসনে । আৰক্ষীৰ সহযোগত মঙলবাৰৰ পৰা মহানগৰীৰ ভিন্ন প্ৰান্তত বিতৰণ কৰা হ’ব খাদ্যবস্তু ।

You might also like