লকডাউনঃ মহানগৰীত নাই ৰমজানৰ উছাহ
নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ সমাগত ৰমজানৰ ৰোজা৷ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে চলি থকা দীঘলীয়া লকডাউনৰ মাজতেই অহা ২৫ এপ্রিলৰ পৰা আৰম্ভ হ’ব ইছলাম ধর্মাৱলম্বী লোকসকলৰ উপাসনাৰ মাহ ৰমজান৷ বিশ্বস্ত সূত্রই জনোৱা মতে ২৪ এপ্রিলৰ পুৱতি নিশা চেহৰি গ্রহণ কৰাৰ পিছতেই ২৫ এপ্রিলত প্রথমটো ৰোজা ৰাখিব ইছলাম ধর্মাৱলম্বী লোকসকলে৷ ৰমজানৰ ৰোজা ৰখাৰ বাবে সমগ্র ৰাজ্যৰ লগতে মহানগৰীত বসবাস কৰা ইছলাম ধর্মাৱলম্বী লোকসকল ইতিমধ্যে সাজু হৈছে৷
অৱশ্যে পূর্বৰ তুলনাত এইবেলি মহানগৰীত ৰমজানৰ উছাহ পৰিলক্ষিত হোৱা নাই৷ বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ নাটনিৰ লগতে বহিঃৰাজ্যৰ পৰা ফলমূল কঢ়িয়াই অনা যান–বাহনৰ চলাচল সীমিত হোৱাৰ বাবে বজাৰত এইবাৰ ৰমজানত খাদ্যসামগ্রীৰ নাটনিয়ে দেখা দিয়াটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ৰমজানৰ ৰোজাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীত উপলব্ধ ফলমূলৰ দাম দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ লকডাউনৰ সময়ছোৱাত ফলমূলৰ আমদানি হ্রাস পোৱাৰ বাবে ব্যৱসায়ীসকলে অধিক মুনাফা অর্জনৰ লক্ষ্যৰে মহানগৰবাসীক মাধমাৰ শোধাবলৈ জাল পাতিছে৷
প্রাপ্ত তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত প্রতিকেজি আমৰ দাম ২০০–২৫০ টকা, অমিতা ১০০–১১০ টকা, ডালিম ১৫০–২০০ টকা, কল (ডজনে প্রতি) ৬০–৮০ টকা, আপেল ১৮০–২০০ টকা, খেজুৰ (প্রতিকিলোত) ৪০০–৬০০ টকাত বিক্রী কৰাৰ লগতে অন্যান্য ফলমূলৰ দাম তিনিগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে ৰমজান মাহত বজাৰত যাতে ফলমূল অথবা কোনো অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি নহয় তাৰ বাবে অসম চৰকাৰৰ যোগানমন্ত্রী ফণীভূষণ চৌধুৰীয়ে মহানগৰ জিলা প্রশাসনৰ সৈতে এক বৈঠকত মিলিত হয়৷ অলপতে জিলা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত বৈঠকত ৰমজানৰ সময়ছোৱাত বজাৰত খাদ্যসামগ্রী পর্যাপ্ত পৰিমাণে মজুত থকাৰ লগতে ফলমূলৰ যোগান অব্যাহত ৰাখিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ যোগানমন্ত্রীৰ নির্দেশৰ পিছতেই মহানগৰ জিলা প্রশাসনে এইক্ষেত্রত তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰিছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে ক’লা বজাৰত ফলমূল বিক্রী কৰা পৰিলক্ষিত হৈছে৷
ইপিনে ইছলাম ধর্মাৱলম্বী লোকসকলক নিজৰ ঘৰতে চেহৰী, ইফতাৰ কৰিবলৈ বিভিন্ন ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠানে আহ্বান জনাইছে৷ তদুপৰি তাৰাবিহৰ লগতে আন আন নামাজসমূহ ৰমজানৰ সময়ছোৱাত মছজিদৰ পৰিৱর্তে নিজ গৃহতে কৰিবলৈ আহ্বান জনাই বিশ্ব শান্তিৰ বাবে প্রার্থনা কৰিবলৈ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে আহ্বান জনাইছে৷