নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত মহানগৰীত ৬৬ হাজাৰ কুইণ্টল শাক–পাচলি, ফলমূল বিক্রী

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ৰাজ্যত চলি থকা লকডাউনৰ বাবে ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ কৃষিক্ষেত্রত যাতে নেতিবাচক প্রভাৱ নপৰে, তাৰ বাবে কৃষি বিষয়াৰ কার্যালয়ে শেহতীয়াকৈ কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷

কামৰূপ জিলাৰ কৃষি বিষয়া ভাৰত ৰাজবংশীয়ে জানিবলৈ দিয়া মতে, অবিভক্ত কামৰূপ জিলাত মুঠ ২৬টা কৃষি চক্র আছে আৰু ইয়াৰ ১৪টা কৃষি চক্র শাক–পাচলি আৰু ফল–মূলৰ কৃষিৰ লগত জড়িত৷ এই ১৪টা কৃষি চক্রৰ প্রায় তেৰ হাজাৰ কৃষকে লকডাউনৰ আগে–পাছে ঋতুকালীন শস্য আৰু ফলমূল উৎপাদন কৰি আছে৷ কিন্তু লকডাউনৰ বাবে সকলো বজাৰ হাট বন্ধ হৈ পৰাত গ্রাহকৰ লগতে কৃষক, বিক্রেতা সকলোৱে প্রথম অৱস্থাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল৷ কিন্তু পৰৱর্তী সময়ত চৰকাৰৰ বিশেষ নির্দেশৰ আধাৰত কৃষি বিভাগে জিলা প্রশাসনৰ সহযোগত কৃষকসকলৰ বাবে কেতবোৰ পদক্ষেপ গ্রহণ কৰে৷

সেই অনুসৰি পশ্চিম গুৱাহাটীৰ কৃষিপ্রধান ধাৰাপুৰকে ধৰি অবিভক্ত কামৰূপ জিলাৰ মুঠ ৩২৯গৰাকী বিক্রেতাক কৃষি সামগ্রী বিক্রী আৰু মজুত কৰাৰ অনুমতি দিয়া হয়৷ বিগত দুটা সপ্তাহত বিক্রেতাসকলে কেৱল গুৱাহাটী মহানগৰীতে প্রায় ৬৬ হাজাৰ কুইণ্টল শাক–পাচলি, ফলমূল বিক্রী কৰি কৃষক–বিক্রেতাসকলে ১৩ কোটিতকৈ অধিক টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷

গুৱাহাটী মহানগৰীত দৈনিক পোন্ধৰশ কুইণ্টলৰো অধিক শাক–পাচলি প্রয়োজন আৰু বাহিৰৰ পৰা আমদানি নকৰাকৈয়ে কামৰূপ জিলাৰ কৃষিক্ষেত্রৰ পৰা এই চাহিদা পূৰণ হ’ব বুলি জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে যোৱা ২১ এপ্রিলত কৃষিমন্ত্রী অতুল বৰাই ৰাণী, ধাৰাপুৰ, খানামুখ, বিজয়নগৰৰ উপৰি কেতবোৰ কৃষিপ্রধান অঞ্চল পৰিদর্শন কৰাৰ পিছত গুৱাহাটী মহকুমা কৃষি বিষয়া নৱজ্যোতি জগন্নাথকে ধৰি বকো আৰু ৰঙিয়া মহকুমাৰ কৃষি বিষয়া দুগৰাকীৰ নেতৃত্বত বিভাগৰ ক্ষেত্র পর্যায়ৰ বিষয়া–কর্মীসকল কৃষি বিক্রেতাসকলৰ উন্নয়নৰ বাবে নামি পৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখিলে যাতে গ্রাহকক সামগ্রী বিক্রী কৰে আৰু বিভাগে বান্ধি দিয়া নিৰিখতহে সামগ্রী বিক্রী কৰে তাৰ ওপৰত বিভাগে নজৰ ৰাখিছে৷

বিভাগৰ এক সমীক্ষা মতে গুৱাহাটী মহানগৰীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বিগত দিনকেইটাৰ চাৰে ছয় লাখৰো অধিক গ্রাহকে কৃষি বিভাগে যোগান ধৰা শাক–পাচলি, ফল–মূল ক্রয় কৰিছে৷

You might also like