নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখটকীয়াৰ অপহৃত কিশোৰী ধুবুৰীত উদ্ধাৰ

তিনি অপহৰণকাৰীক জে’ললৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ মহানগৰীৰ লাখটকীয়াৰ পৰা অলপতে অপহৰণ কৰা এগৰাকী কিশোৰীক আৰক্ষীয়ে শনিবাৰে ধুবুৰীৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে তিনিজন অপহৰণকাৰীক গ্রেপ্তাৰ কৰে ৷ ধৃত অপহৰণকাৰীকেইটা ক্রমে মহিদুল ইছলাম (১৮), আনিছুৰ ৰহমান (২৮) আৰু আব্দুল কাদেৰ (৪২)৷

আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱা ১৯ ডিচেম্বৰত লাখটকীয়াৰ পৰা ১৩ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি ধুবুৰীত অভিযুক্তকেইজনে আত্মগোপন কৰি আছিল ৷ ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাত ৮৮২/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই শনিবাৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীকেইটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে অপহৰণকাৰী নহিদুল ইছলামে কিশোৰীগৰাকীক বিয়াৰ প্রলোভনেৰে অপহৰণ কৰিছিল ৷ শনিবাৰে আৰক্ষীয়ে ধৃত অপহৰণকাৰীকেইটাক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে আটাইকেইজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে ৷

You might also like