নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রম আইন সংশোধনৰ বিৰুদ্ধে মালিগাঁৱত ৰে’লৱে মজদুৰ ইউনিয়নৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ৯ জুনঃ  শ্রম আইনৰ সংশোধন কৰি কর্মসময় দৈনিক ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা, আই আৰ ই এম আৰু আই আৰ ই চিৰ সংশোধন–আধুনিকীকৰ্ তথা একত্রীকৰণ আৰু ‘মাল্টি স্কীলিং’ৰ জৰিয়তে স্থায়ী কর্মচাৰীৰ ছাটাই বৃদ্ধি কৰি ভাৰতীয় ৰে’লৱেক ব্যাপকভাৱে ব্যক্তিকগতকৰণৰ পথ প্রশস্ত কৰা, দেশৰ সংকট মোচনৰ সময়ত হকে মালবাহী ৰে’ল চলাচল কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্রী সৰবৰাহ আৰু বিশেষ শ্রমিক ৰে’লৰ জৰিয়তে প্রব্রজিত শ্রমিকসকলক সুৰক্ষিত যাতায়াতৰ ব্যৱস্থা কৰা ৰে’ল শ্রমিকৰ মৰগীয়া ভাত্তা কর্তনৰ সিদ্ধান্তৰ প্রতিবাদত সোমবাৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নে এক ব্যাপক প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷

  উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নে সোমবাৰে ‘সর্বভাৰত ব্যাপী প্রতিবাদ দিৱস’ কার্যসূচীৰ সৈতে সংগতি ৰাখি উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কার্যালয়ৰ সন্মুখত ক’লা বেজ পৰিধান কৰি হাতে হাতে প্লে’কার্ড লৈ দুঘণ্টীয়া প্রতিবাদ সাব্যস্ত কৰে৷ সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি প্রতিবাদী কার্যসূচীত ভাগ লোৱা একাংশ প্রতিবাদকাৰীয়ে জানিবলৈ দিয়া মতে, বর্তমানৰ বিধ্বস্ত অর্থনীতিৰ পুনৰুজ্জীৱনৰ বাবে শ্রমিক–কর্মচাৰীসক্ ক্রয় ক্ষমতা বৃদ্ধি কৰাৰ স্বার্থত তেওঁলোকৰ হাতত অধিক পুঁজি আবণ্টন দিব লাগে৷ তেনেক্ষেত্রত মৰগীয়া ভাত্তা কর্তনৰ দৰে অবিবেচকী সিদ্ধান্তই শ্রমিক–কর্মচাৰীসক দৈনন্দিন জীৱন আৰু অর্থনীতিত ব্যাপক প্রভাৱ পেলাব৷

You might also like