নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পত্তিৰ পাহাৰ গঢ়িছে ডকাইতিত অভিযুক্ত এএছআই শ্রৱণ ঝাই

যান–বাহন শাখাৰ কনিষ্টবল ভাতৃকো ৰে’লৱে কোৱার্টাৰ আবণ্টন

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী ষ্টেচনত যাত্রীৰ পৰা সোণ ডকাইতিত জড়িত বহু বিতর্কিত আৰক্ষী উপ–পৰিদর্শক শ্রৱণ কুমাৰ ঝাৰ নামে–বেনামে কোটি কোটি টকাৰ সম্পত্তি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ সোণ ডকাইতিৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ পাছতে পোহৰলৈ আহিছে শ্রৱণৰ নামে–বেনামে থকা সম্পত্তিৰ তথ্য৷ বিহাৰৰ মুজাফফৰপুৰত ভূ–সম্পত্তি, দিল্লীত ফ্লেট থকা এইগৰাকী ডকাইতৰূপী আৰক্ষীয়ে যাত্রীৰ পৰা ভয়–ভাবুকিৰে ধন সংগ্রহ কৰি অহাৰ লগতে অপৰাধী চক্রৰ পৰা নিয়মীয়াকৈ ধন সংগ্রহ কৰি অহা বুলি অভিযোগ উঠিছে৷ উচ্চপদস্থ আৰক্ষী বিষয়াৰ ছত্রছায়াত ২০ বছৰৰো অধিক সময় কেৱল গুৱাহাটী ষ্টেচনত থকা ৰে’লৱে আৰক্ষী থানাত চাকৰি কৰি আহিছে শ্রৱণ কুমাৰ ঝাই৷ কেৱল সেয়াই নহয়, এইগৰাকী ডকাইতৰূপী আৰক্ষী বিষয়াই কালীবাৰী ৰে’লৱে কোৱার্টাৰত পৰিয়ালসহ বসবাস কৰাৰ লগতে আৰক্ষী কনিষ্টবল ভাতৃ সঞ্জয় ঝাকো ৰে’লৱে কোৱার্টাৰ প্রদান কৰিছে৷ পাণবজাৰ থানাৰ যান–বাহন শাখাৰ কনিষ্টবল সঞ্জয় ঝা আৰু শ্রৱণ কুমাৰ ঝাই অপৰাধী চক্রৰে সু–সম্পর্ক ৰক্ষা কৰি নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়া বুলি অভিযোগ উঠিছে৷ ৰে’ল বিভাগৰ শীর্ষ বিষয়াক মেনেজ কৰি শ্রৱণ ঝাই ভাতৃ সঞ্জয় ঝাক অকর্তৃত্বশীলভাৱে ৰে’লৱে কোৱার্টাৰত থকাৰ সু–ব্যৱস্থা কৰি দিছে৷ খাকী পোছাক পৰিধান কৰি দুই ভাতৃয়ে পল্টনবজাৰ অঞ্চলত অসামাজিক কার্যকলাপ চলাই থকা অসাধু চক্রৰ পৰা নিয়মীয়াকৈ ধন সংগ্রহ কৰাৰো অভিযোগ আছে৷ ইয়াৰ উপৰি শ্রৱণ কুমাৰ ঝাৰ সৈতে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রৰো সু–সম্পর্ক থকা বুলি আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ ইফালে গুৱাহাটী ষ্টেচনত থকা ৰে’লৱে আৰক্ষী থানাত শ্রৱণ কুমাৰ ঝাৰ দৰে বহুকেইগৰাকী আৰক্ষী বিষয়া কনিষ্টবলে বছৰৰ পাছত বছৰ ধৰি কর্মৰত হৈ আছে৷ এইসকলৰ ভিতৰত এএছআই সঞ্জয় কুমাৰ ডুবে, হাবিলদাৰ মনোজ সিং, কনিষ্টবল প্রেম সিং, উমা শর্মা, সুৰেন হালৈকে ধৰি কেইবাজনো কনিষ্টবল আছে৷ গুৱাহাটী ষ্টেচনত বহু বছৰ ধৰি কর্মৰত এই আৰক্ষী কনিষ্টবলকেইজনৰ বিৰুদ্ধেও ভয়–ভাবুকিৰে যাত্রীৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এনএফ ৰে’লৱে কর্তৃপক্ষ আৰু শীর্ষ আৰক্ষী বিষয়াই সোণ ডকাইতিত জড়িত অভিযুক্তৰ লগতে বছৰৰ পাছত বছৰ ধৰি গুৱাহাটী ষ্টেচনত কর্মৰত আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like