সুৰাপায়ী যুৱকৰ প্রহাৰত বৃদ্ধৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ মহানগৰীৰ ভূতনাথ ৰে’লআলিৰ সমীপত আজি পুৱাৰ ভাগত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয়৷ বিপুল দাস নামৰ এজন সুৰাসক্ত যুৱকে বৰপেটাৰ এগৰাকী বয়োজ্যেষ্ঠ লোকক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, আজি পুৱা প্রায় ৮ বজাত ভূতনাথ ৰে’লআলিৰ সমীপত কোনো কথাক লৈ বৰপেটাৰ ষাঠিৰ ঊর্ধ্বৰ এজন লোকক ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিপুল দাস নামৰ সুৰাসক্ত যুৱকজনে প্রহাৰ কৰাত বয়োজ্যেষ্ঠ লোকজনৰ মৃত্যু হয়৷
মৃত লোকজনৰ সম্পূর্ণ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও তেওঁৰ ঘৰ বৰপেটাত আৰু তেওঁ ‘পাগলা’ হিচাপে জনাজাত আছিল৷ পিছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ভৰলুমুখ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ ইপিনে, হত্যাকাৰী বিপুল দাসক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত ভৰলুমুখ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ২১৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও মৃত লোকজনৰ প্রকৃত পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷