১৫ মে’ৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব GMCH
নিয়মীয়া বাৰ্তা, ১২ মেঃ ১৫ মে’ৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব GMCH। GMCHৰ চিকিৎসক ছাত্ৰ ডাঃ লিথিকেশ COVID-19ত আক্ৰান্ত হোৱাৰ পাছতে সাধাৰণ ৰোগীৰ বাবে পঞ্জীয়ন বন্ধ কৰি দিয়া হৈছিল। লগতে কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল।
কিন্তু বৰ্তমান পৰিস্থিতি কিছু সুস্থিৰ হোৱাত আৰু চিকিৎসক ছাত্ৰ ডাঃ লিথিকেশৰ সংস্পৰ্শলৈ অহা লোকসকলৰো কৰা COVID-19ৰ টেষ্টৰ ফলাফল নিগেটিভ হোৱাত সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব হাস্পতালখন।