নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ বছৰীয়া প্রেমিকে হত্যা কৰিলে ৪৫ বছৰীয়া মহিলাক

চাৰি দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত হত্যাকাৰী নাজু আলী

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে প্রেমজনিত হত্যাকাণ্ডৰ ঘটনা৷ শেহতীয়াকৈ লখিমপুৰত পৰকীয়া প্রেমৰ বাবে মাতৃয়ে প্রেমিকৰ সহযোগত ২১ বছৰীয়া পুত্রক হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত সংঘটিত হয় পৰকীয়া প্রেমজনিত এক হত্যাকাণ্ড৷ মহানগৰীৰ ফটাশিল আমবাৰীত ২২ বছৰীয়া প্রেমিকে মৰিয়াই মৰিয়াই হত্যা কৰে মইনা বড়ো (৪৫) নামৰ এগৰাকী মহিলাক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা ২০ জানুৱাৰীৰ পুৱতিনিশা প্রায় ৩ বজাত মইনা বড়োৰ সৈতে প্রেমিক নাজু আলীয়ে কোনো কথাক লৈ কাজিয়াত লিপ্ত হৈছিল৷ ইয়াৰ পাছতে প্রেমিক নাজুৱে মইনা বড়োক মাৰধৰ কৰাৰ লগতে গঁতিয়াই দিয়াত পকাত পৰি মইনা বড়ো আহত হৈছিল৷ ২১ জানুৱাৰীৰ পুৱা পৰিয়ালৰ লোকে আহত মইনা বড়োক চিকিৎসালয়ত ভর্তি কৰিছিল৷ প্রাথমিক চিকিৎসাৰ অন্তত মইনা বড়োক পৰিয়ালৰ লোকে ঘৰলৈ আনিছিল৷ কিন্তু নিশা মইনা বড়োৰ মৃত্যু হয়৷ ইয়াৰ পাছতে পৰিয়ালৰ লোকে ঘটনা সন্দর্ভত ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত হত্যাকাৰী নাজু আলীক গ্রেপ্তাৰ কৰে৷ আজি নাজুক আৰক্ষীয়ে আদালতত হাজিৰ কৰি চাৰি দিনৰ জিম্মাত লয়৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত অভিযুক্ত হত্যাকাৰী নাজুক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ কিন্তু কি কাৰণত মইনা বড়োক হত্যা কৰিলে, সেই কথা স্বীকাৰ কৰা নাই অভিযুক্ত হত্যাকাৰী নাজুৱে৷ পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ পৰকীয়া প্রেমৰ বাবে ২২ বছৰীয়া প্রেমিকে ৪৫ বছৰীয়া মহিলাগৰাকীক হত্যা কৰা ঘটনাক লৈ সর্বত্র চর্চা চলিছে৷ উজ্জ্বল নগৰ নিৱাসী নাজুৱে দীর্ঘদিন ধৰি মইনা বড়োৰ সৈতে সম্পর্ক ৰক্ষা কৰি আহিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ আৰক্ষীৰ তদন্ততহে এই পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ প্রকৃত ৰহস্য৷

You might also like