৩দিনত গুৱাহাটীত COVID-19ত আক্ৰান্তৰ সংখ্যা ১,৯২৭জন
নিয়মীয়া বাৰ্তা, ৭জুলাইঃ ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্য়া। সোমবাৰৰ দিনতেই আক্ৰান্তৰ সংখ্যা আছিল ৫৯৮জন। বিগত ৩দিনত গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,৯২৭জন।
গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে সংক্ৰমিত হৈছে ক’ৰোনা ভাইৰাছ। গণসংক্ৰমণে লৈছে ভয়াৱহ ৰূপ। তেনেক্ষেত্ৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে স্বোৱাব সংগ্ৰহ কৰিব স্বাস্থ্য় বিভাগে। আজিৰে পৰা আৰম্ভ হৈছে এই স্বোৱাব সংগ্ৰহ প্ৰক্ৰিয়া। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীত অতি ভয়ংকৰ ৰূপ লৈছে এই ভাইৰাছে। প্ৰতিজন মহানগৰবাসী সজাগ আৰু সচেতন নহলে আৰু অধিক ভয়াৱহ হ’ব পৰিস্থিতি।প্ৰতিজন লোক পূৰ্বতকৈ অধিক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।