নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব প’র্টেলৰ নামত অতপালিঃ ধন দাবী কৰি আৰক্ষীৰ জালত ২ ভুৱা সাংবাদিক

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ ৱেব প’র্টেলৰ নামত মহানগৰীত ধন দাবীত নামিছে একাংশ ভুৱা সাংবাদিক ৷ অলপতে ব্যৱসায়ীক ধন দাবী কৰি ৱেব প’র্টেলৰ এজন সাংবাদিক বশিষ্ঠ আৰক্ষীৰ জালত পৰাৰ পিছত সোমবাৰে পুনৰ ছয়মাইলৰ ‘এ কাল এভৱ’ নামৰ এখন স্পাত ধন দাবী কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছে য়াছেৰ আৰফট আৰু প্রশান্ত দাস নামৰ দুজন ভুৱা সাংবাদিক ৷ আৰক্ষী সূত্রে জানিব পৰা মতে ছয়মাইলৰ স্পাখনত অসামাজিক কার্যকলাপ চলাৰ অভিযোগ তুলি স্পাখনৰ গৰাকীক সাংবাদিকৰূপী যুৱক দুজনে ডেৰ লাখ টকা দাবী কৰিছিল ৷ ইপিনে সোমবাৰে বিয়লি দাবী কৰা ধন আনিবলৈ স্পাখনত উপস্থিত হোৱাত স্পাৰ গৰাকী আৰু কর্মচাৰীসকলে যুৱক দুজনক আটক কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই যুৱক দুজনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ৰহমান হাস্পতালৰ সন্মুখৰ পৰা  যুৱক দুজনক আটক কৰে ৷ ঘটনা সন্দর্ভত স্পাৰ গৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

You might also like