ঈদৰ সুযোগ লৈ উজান বজাৰ–নুনমাটি–উলুবাৰী প্রতিকেজি ব্রইলাৰ ৩৫০ টকাকৈ বিক্রী
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ পেট্র’লজাত সামগ্রীকে ধৰি অত্যাৱশকীয় খাদ্যসামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল–খুচি মতে দাম বৃদ্ধিৰে গ্রাহকক লুণ্ঠন চলাই আহিছে৷
শেহতীয়াকৈ ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্র ঈদৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে কালিৰ দিনটোত প্রতিকেজি ব্রইলাৰত ৩৫০ টকাকৈ বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ঈদৰ বাবে সৰহসংখ্যক ব্যৱসায়ীয়ে দোকান বন্ধ ৰখাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন স্থানত প্রতিকেজি কটা ব্রইলাৰ ৩৫০ টকাকৈ বিক্রী কৰে৷ গ্রাহকসকলেও বাধ্য হৈ ব্যৱসায়ীয়ে নির্ধাৰণ কৰা দামতে মাংস ক্রয় কৰিবলগীয়া হয়৷
মহানগৰীৰ উজান বজাৰ, নুনমাটি, উলুবাৰী, হাতীগাঁৱকে ধৰি বিভিন্ন স্থানত অসাধু ব্যৱসায়ীসকলে অত্যধিক দামত বইলাৰ মাংস বিক্রী কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সেয়েহে গুৱাহাটী মহানগৰীত ব্রইলাৰ মাংসৰ দাম নির্ধাৰণ কৰিবলৈ জিলা প্রশাসনক আহ্বান জনাইছে ভুক্তভোগী গ্রাহকসকলে৷