নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলকাৰীৰ কবলত বশিষ্ঠ নৈ; ঘৰ নির্মাণ কৰি নৈৰ ওপৰতে সাজিছে শৌচাগাৰঃ নির্বিকাৰ প্রশাসন

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ বশিষ্ঠ নৈৰ পাৰ বেদখল কৰিছে একাংশ ভূ–মাফিয়াই৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা অন্যতম গুৰুত্বপূর্ণ বশিষ্ঠ নদীৰ পাৰ বেদখল কৰি একাংশ লোকক বিক্রী কৰিছে৷ বশিষ্ঠ নৈ পাৰৰ ভূমি ভূ–মাফিয়াৰ পৰা ক্রয় কৰি একাংশ লোকে বাসগৃহ নির্মাণ কৰি বসবাস কৰি আহিছে৷

বেদখলকাৰীয়ে নদীৰ পাৰত বসবাস কৰাৰ লগতে নৈৰ ওপৰতে নির্মাণ কৰিছে শৌচাগাৰ৷ পৱিত্র বশিষ্ঠ নদীৰ ওপৰত শৌচাগাৰ নির্মাণ কৰি বেদখলকাৰীয়ে মল–মূত্র আৰু আৱর্জনা পেলাই অহাৰ ফলত প্রদূষিত হৈছে বশিষ্ঠ নৈ৷ ইয়াৰ উপৰি একাংশ লোকে শৌচাগাৰৰ পাইপ বশিষ্ঠ নৈত সংযোগ কৰিছে৷ বশিষ্ঠ নৈ পাৰতে দীর্ঘদিন ধৰি চলি আহিছে জ্যোতিকুছিৰ সাপ্তাহিক বজাৰখন৷

গুৱাহাটী পৌৰ নিগমৰ অধীনত চলি থকা এই বজাৰখনৰ ব্যৱসায়ীসকলে বজাৰ সামৰাৰ পাছত আৱর্জনাসমূহ নৈতে পেলাই আহিছে৷ তদুপৰি একাংশ অসচেতন লোকে বশিষ্ঠ নদীত আৱর্জনা পেলোৱাৰ ফলতো নৈখন বাম হৈ পৰিছে৷ ফলত মহানগৰীৰ নলা–নর্দমাৰ পানী বাৰিষাৰ সময়ছোৱাত বশিষ্ঠ নৈৰে ওলাই যাব নোৱাৰাত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্রিম বানৰ৷

পৌৰ নিগম কর্তৃপক্ষই শেহতীয়াকৈ বশিষ্ঠ নৈত খনন চলাইছিল যদিও এতিয়াও আৱর্জনাৰে পোত খাই বশিষ্ঠ নৈ৷ এই বশিষ্ঠ নৈতে প্রতিবছৰে শাওণ মাহত হাজাৰ হাজাৰ লোকে শিৱ আৰাধনা কৰি আহিছে৷ বশিষ্ঠ নৈৰ পাৰ বেদখল কৰি বাসগৃহ সাজি নৈৰ ওপৰত শৌচাগাৰ নির্মাণ কৰাত অঞ্চলটোৰ লোকসকলে ক্ষোভ প্রকাশ কৰিছে৷ জ্যোতিকুছি অঞ্চলৰ ৰাইজে বশিষ্ঠ নৈৰ ওপৰত শৌচাগাৰ নির্মাণ কৰা বিষয়টো পৌৰ নিগম আৰু জিলা প্রশাসনৰ দৃষ্টিগোচৰ কৰিছে যদিও এই ক্ষেত্রত আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

বশিষ্ঠ নৈৰ পৱিত্রতা নষ্ট কৰি পূতিগন্ধময় আৱর্জনাস্থলীলৈ পৰিণত কৰা বিষয়টো জিলা প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষই কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ বশিষ্ঠ নৈৰ পাৰত চাইকেল ট্রেক নির্মাণ কৰি নদীখনৰ সৌন্দর্যবর্ধন কৰাৰ লগতে বিনোদনৰ থলী হিচাপে গঢ়াৰ আঁচনি লৈছে চৰকাৰে৷ ইয়াৰ বিপৰীতে ভেটাপাৰাৰ পৰা জ্যোতিকুছি–বীৰকুছিল ভৰলু নৈৰ পাৰ বেদখল কৰি একাংশ লোকে বসবাস কৰাৰ নৈখন ঠেক কৰি পেলাইছে৷

বশিষ্ঠ নৈৰ পৱিত্রতা ৰক্ষা আৰু আৱর্জনা, প্রদূষণমুক্ত কৰাৰ বাবে আঁচনি গ্রহণ কৰিবলৈ অঞ্চলবাসী ৰাইজে চৰকাৰক আহ্বান জনাইছে৷

You might also like