নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ অসম নৌসেনা ইউনিট এন চি চি উদ্যোগত ৰক্তদান

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : বৃহস্পতিবাৰে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৪৮ নং অসম নৌসেনা ইউনিট এন চি চি, গুৱাহাটীয়ে ৰেড ক্ৰছ ছ’চাইটিৰ সহযোগত চান্দমাৰীস্থিত ৰেড ক্ৰছ ছ’চাইটি হাস্পতালত গুৱাহাটী গ্ৰুপৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সদস্য সকলৰ উপস্থিতিত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত উপস্থিত আছিল ৰেড ক্ৰছ ছ’চাইটিৰ সমূহ সদস্য, কেইবাগৰাকীও চিকিৎসক, জি এম চি এইচৰ মেডিকেল ষ্টাফ আৰু কমাণ্ডিং অফিচাৰ (লেফটেনেণ্ট কমাণ্ডাৰ দেবানন্দ ডলে), পি আই ষ্টাফ আৰু ৪৮টা নৌসেনা ইউনিট সকলো কেডেট। উল্লেখ্য যে এই কাৰ্যসূচীৰ বিষয়বস্তু আছিল- ‘ৰক্ত দান কৰক, জীৱন ৰক্ষা কৰক’।

You might also like