নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰ্বজনীন স্বাস্থ্য বীমাৰ লক্ষ্য ৰাজ্য চৰকাৰৰঃ আয়ুস্মান অসমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ জনমুখী স্বপ্ন

বিশেষ বাৰ্তা, ১১ আগষ্টঃ সার্বজনীন স্বাস্থ্য বীমাৰ লক্ষ্যৰে ‘আয়ুস্মান ভাৰত’ৰ আওতাৰ বাহিৰত ৰৈ যোৱাসকলৰ বাবে ‘আয়ুস্মান অসম’ৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সন্দর্ভত তেওঁ কয় যে ৬টা জটিল ৰোগৰ বিপৰীতে অটল অমৃত অভিযান আছে৷ তদুপৰি ২৭ লাখ দৰিদ্র লোকক আমি প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰে সহায় কৰোঁ৷ অসমৰ ৬০ লাখ পৰিয়ালৰ ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ড থকাৰ লগতে অৰুণোদয় আঁচনিত ২৭ লাখ মহিলা আছে৷ ভাৰত চৰকাৰে ২৭ লাখ পৰিয়ালক সহায় কৰিব৷ ‘আয়ুস্মান ভাৰত’ৰ অন্তর্ভুক্ত নোহোৱা বাকী পৰিয়ালসমূহক আমি যদি ‘আয়ুস্মান অসম’ৰ দ্বাৰা সংযোজিত কৰিব পাৰোঁ, তেন্তে এইটো সার্বজনীন স্বাস্থ্য বীমা হৈ পৰিব৷ কিন্তু ইয়াৰ বাবে বছৰি ১,২০০ৰ পৰা ১,৫০০ কোটি টকা প্রয়োজন হ’ব বুলি তেওঁ উল্লেখ কৰে৷ প্রয়োজনীয় এই ধনৰাশিৰ উৎস কি হ’ব, সেয়া আলোচনা কৰাৰ ওপৰতো মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ কয় যে ইয়াৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কার্ড নথকা লোককো সামৰি ল’ব পৰা যাব৷ উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক নৱ সংযোজন ঘটাই ১০৮ মৃত্যুঞ্জয় সেৱাৰ ৮৩খন নতুন বেছিক লাইফ ছার্পট ছার্ফেছ এম্বুলেঞ্চৰ আজি ফ্লেগ অফ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই উপলক্ষে জনতা ভৱনত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ সার্বজনীন স্বাস্থ্য বীমাৰ লগতে স্বাস্থ্যখণ্ডক লৈ কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ অসমৰ গ্রামাঞ্চল আৰু চহৰাঞ্চলত বাস কৰা ৰোগীসকলক বিনামূলীয়া জৰুলীকালীন সেৱা প্রদানৰ লগতে প্রসূতি–নৱজাতকৰ মৃত্যুৰ হাৰ হ্রাস কৰাৰ ক্ষেত্রত চৰকাৰে নিৰন্তৰ প্রয়াস অব্যাহত ৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা অসমত আৰম্ভ কৰা হৈছিল যদিও তাৰ পূর্বে গণেশগুৰিৰ বোমা বিস্ফোৰণত এই এম্বুলেঞ্চ সেৱাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ জৰিয়তে বর্তমান পর্যন্ত প্রায় ২ লাখ লোকে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিছে৷ অপাৰেটিং এজেন্সী জিভিকে ইএমআৰআইৰ জৰিয়তে কার্যক্ষম হৈ থকা জৰুলীকালীন সেৱা কেন্দ্রৰ দ্বাৰা এতিয়ালৈকে প্রায় ৩.৯১ কোটি ফোনকল গ্রহণ কৰাৰ লগতে জৰুৰীকালীন সেৱা লাভ কৰিছে প্রায় ১৯ লাখ গর্ভৱতী মহিলাই৷ বর্তমান বেছিক লাইফ ছার্প’ট ছার্ফেছ এম্বুলেঞ্চ ৭৭৯খন, এডভান্স লাইফ ছাপ’ট লাইফ ছার্ফেছ এম্বুলেঞ্চ ১৪খন আৰু সাতখন নৌকা এম্বুলেঞ্চকে ধৰি মুঠ ৮০০খন এম্বুলেঞ্চৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাস্থ্য সেৱা প্রদান কৰি অহা হৈছে৷ তেওঁ জানিবলৈ দিয়া মতে আৰম্ভণিতে কেন্দ্রীয় চৰকাৰৰ সহযোগত এই সেৱা প্রৱর্তন কৰা হৈছিল৷ কিন্তু বর্তমান ৰাজ্য চৰকাৰৰ স্ব–গ্রাধিকাৰ পুঁজিৰ ব্যৱহাৰৰ দ্বাৰা নিজাববীয়াকৈ প্রদান কৰি অহা হৈছে এই এম্বুলেঞ্চ সেৱা৷ জিভিকে ইএমআৰআইৰ পৰামর্শ অনুযায়ী সলনি কৰিবলগীয়া ৩০০খন এম্বুলেঞ্চৰ ভিতৰত ইতিমধ্যে পুৰণি হোৱা ১৫০খন এম্বুলেঞ্চক চিনাক্ত কৰি সেইসমূহ আঁতৰাই নতুনকৈ সংযোজন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে বাকী ১৫০খন এম্বুলেঞ্চৰ সলনি কৰাৰ কামো শীঘ্রে সম্পন্ন হ’ব৷ এই প্রসংগতে এইবাৰ ৭৫খন আৰু অহাবাৰ বাকী ৭৫খন নতুন এম্বুলেঞ্চ সংযোজনৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক পৰামর্শ দিয়ে৷ ৰাজ্য চৰকাৰৰ নিয়ম অনুযায়ী ১৫ বছৰ অতিক্রম কৰা যান–বাহনসমূহ আঁতৰাই নিলাম অথবা স্ক্রেপলৈ পৰিৱর্তন কৰিব লাগে৷ কিন্তু ম্যাদ উকলা পুৰণি এম্বুলেঞ্চসমূহ স্বেচ্ছাসেৱী সংস্থা বা সামাজিক সংস্থাক শৱ কঢ়িওৱা বাহন অথবা বিনামূলীয়া সামাজিক কাম–কাজৰ বাবে বিনামূলীয়াকৈ আগবঢ়াবলৈও স্বাস্থ্য বিভাগক পৰামর্শ আগবঢ়ায় মুখ্যমন্ত্রী ড০ শর্মাই৷ জীৱ–জন্তু নাইবা মানুহৰ যিকোনো স্বাস্থ্য সেৱাৰ ক্ষেত্রত সুবিধা হ’ব পৰাকৈ ম্যাদ উকলা বাহনসমূহ মেৰামতি কৰি মানৱীয় দৃষ্টিভংগীৰে যথোচিত ব্যৱহাৰ কৰাৰ বাবে স্বেচ্ছাসেৱী সংস্থা নাইবা সামাজিক সংস্থাক প্রদানৰ ক্ষেত্রত দীর্ঘদিন পূর্বে পৰিকল্পনা পুহি ৰাখিছিল বুলি তেওঁ নিজ ভাষণত উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে ক’চিন শ্বিপয়ার্ডত অত্যাধুনিক নৌকা এম্বুলেঞ্চ নির্মাণ কৰি থকা হৈছে৷ মই ইতিমধ্যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগত কথা পাতিছোঁ৷ বানপানীৰ সময়ত জনসাধাৰণক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে নৈপৰীয়া ৰাইজক সুচল স্বাস্থ্য সেৱা প্রদানৰ লক্ষ্য আগত লৈ এনে অত্যাধুনিক নৌকা এম্বুলেঞ্চ ক্রয় কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ ৬–৭খন এনে নৌকা এম্বুলেঞ্চ আনিব পাৰিলে ব্রহ্মপুত্রৰ দাঁতি–কাষৰীয়া এলেকাসমূহৰ ৰাইজক স্বাস্থ্য সেৱা প্রদানৰ লগতে অস্ত্রোপচাৰৰ সুবিধাও আগবঢ়াব পৰা যাব৷ ইয়াৰ বাবে প্রয়োজনত তেওঁ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু স্বাস্থ্য বিভাগৰ প্রধান সচিব অবিনাশ যোশীক ক’চিন শ্বিপয়ার্ডলৈ যোৱাৰ বাবে অনুৰোধ জনায়৷ ক’ভিড মহামাৰীৰ পাছত ৰাজ্যৰ সাধাৰণ চিকিৎসা সেৱা পুনৰ স্বাভাৱিক পর্যায়লৈ ঘূৰাই অনাৰ প্রয়াস কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে যিমান সোনকালে পাৰি অসমৰ সকলো এফআৰইউত ছিজাৰিয়ানৰ ব্যৱস্থা কৰিব লাগিব৷ সেইদৰে প্রতিখন জিলা হাস্পতালত নৈশ ছিজাৰিয়ানৰ ব্যৱস্থা থাকিব লাগে৷ লগতে চিকিৎসা সেৱাৰ গুণগত মান বৃদ্ধি কৰি প্রসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাই দুদিন পূর্বে ৰাষ্ট্রীয় আয়ুর্বিজ্ঞান পৰিষদে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্রদান কৰাৰ কথাও ভাষণ প্রসংগত উল্লেখ কৰে৷ ইয়াৰ দ্বাৰা ৰাজ্যত স্বীকৃতিপ্রাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৯খনলৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ অন্যান্য জিলাৰ তুলনাত পিছপৰা ডিফু আৰু ধুবুৰীৰ দৰে জিলাসমূহতো চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে৷ আমি আশা ৰাখিছোঁ অহাবাৰ কোকৰাঝাৰ বা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এখনৰ কাম আৰম্ভ কৰিব পাৰিম৷ কালাপাহাৰ আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালত সংলগ্ণ কৰি গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম অব্যাহত আছে৷ ২০২৫ চনত আমি এইখনো আৰম্ভ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ৷ সমান্তৰালভাৱে নগাঁও আৰু তিনিচুকীয়াতো চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিব পাৰিম৷ ২০২৬ চনত চৰাইদেউ আৰু বিশ্বনাথত চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰা হ’ব৷ অহা দুর্গাপূজাৰ পূর্বে পাঁচখন চিকিৎসা মহাবিদ্যালয় ক্রমে তামুলপুৰ, গোলাঘাট, বঙাইগাঁও, মৰিগাঁও আৰু ধেমাজিৰ নির্মাণৰ কাম আৰম্ভ কৰা হ’ব আৰু ইয়াৰ বাবে ইতিমধ্যে নিবিদা সম্পূর্ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ গোৱালপাৰা আৰু কৰিমগঞ্জৰ ৰাতাবাৰীতো চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা গ্রহণ কৰাৰ প্রসংগ উল্লেখ কৰি তেওঁ পুনৰ কয় যে ৰাজ্য চৰকাৰে স্বাস্থ্যসন্মত সুস্থ জীৱনধাৰা আৰু সকলো বয়সৰ লোকে যাতে প্রয়োজনীয় স্বাস্থ্য সেৱা লাভ কৰিব পাৰে, সেই লক্ষ্য আগত লৈ নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ এনেদৰে আমাৰ যিটো পৰিকল্পনা আছিল ২০৩০ চনৰ ভিতৰত বছৰি ২০০০জন চিকিৎসক আৰু নূ্যনতম ২৪খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা, সেই লক্ষ্যত আমি ধাৱমান হৈছোঁ আৰু লক্ষ্যত উপনীত হ’ম৷ আজি সেই কথাত আমি নিশ্চিত হ’ব পাৰিছোঁ৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱা বুলি তেওঁ সদৰী কৰে৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ শর্মাই নির্মাণৰত কোকৰাঝাৰ, নগাঁও আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম–কাজ সন্দর্ভত জ্যেষ্ঠ বিষয়া আৰু ঠিকাদাৰসকলৰে এখন বৈঠকতো মিলিত হয়৷ উল্লেখ্য যে আজি প্রথম পর্যায়ত ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰাৰ বিপৰীতে বাকী ৬৭খন দ্বিতীয় পর্যায়ত অন্তর্ভুক্ত হ’ব৷

You might also like