নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে মটৰচাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: বন্দেমাতৰম, ভাৰত মাতা কি জয়, নাহৰকটীয়া মহাবিদ্যালয় জিন্দাবাদ আদি ধ্বনিৰে আজি পুৱাই মুখৰিত হৈ পৰে নাহৰকটীয়াৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি মহাবিদ্যালয় খনৰ পৰা হাতে হাতে জাতীয় পতাকা লৈ বাহিৰ কৰা হয় এক মটৰচাইকেল শোভাযাত্ৰা। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে উদ্বোধন কৰা তথা মহাবিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰীকে ধৰি ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰা এই শুভাযাত্ৰা নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা আৰম্ভ হৈ লংজং গাঁও, বাঁহনী গাঁও, অসমীয়া গাঁও, কপহুৱা গাঁও, কেন্দুগুৰি গাঁও জয়পুৰ বাগিচা, জয়পুৰ চাৰিআলি, জয়পুৰ চহৰ হৈ নাহৰকটীয়া চহৰলৈকে মুঠ ২০ কিলোমিটাৰ পথত স্বাধীনতা দিৱসৰ ধ্বনি দি জনসাধাৰণক স্বাধীনতা দিৱসৰ মহত্ত্ব বুজোৱাৰ প্ৰয়াস কৰাৰ লগতে সকলোকে এই দিৱস উদযাপনৰ বাবে আহ্বান জনায়।

প্ৰতিবেদনঃ প্ৰাঞ্জল ভূঞা: নাহৰকটীয়া

You might also like