নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী ধনৰ লোভত হাজংবড়ী বেংকত মহিলাৰ শাৰী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ প্রলোভন আৰু ভুৱা প্রতিশ্রুতিৰে চন্দ্রপুৰত ব্যাপক হাৰত একাউণ্ট খোলাৰ অভিযোগ উত্থাপিত হৈছে বেংক অৱ ইণ্ডিয়াৰ নাৰেংগী শাখাৰ বিৰুদ্ধে৷ প্রাপ্ত তথ্য অনুসৰি উক্ত শাখাটোৱে নিয়োগ কৰা চি এছ পি কর্মীৰ জৰিয়তে এই কার্য সম্পাদন কৰি আছে৷ উল্লেখ্য যে চন্দ্রপুৰৰ হাজংবড়ীত বিগত প্রায় এসপ্তাহ ধৰি দৈনিক শ শ মহিলাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে সমগ্র অঞ্চলটোত এক ভুৱা উৰাবাতৰি প্রচাৰ কৰিছে এটা অসাধু চক্রই৷ ভুৱা প্রচাৰ অনুসৰি চন্দ্রপুৰ আৰু পানীখাইতী পঞ্চায়তৰ অন্তর্গত এলেকাৰ মহিলাসকলক উক্ত বেংকটোত জিৰ’ বেলেঞ্চৰ হিচাপ বহী খুলিবলৈ কোৱা হৈছে৷ যিসকলে এই বেংকত এই হিচাপ বহী খুলিব তেওঁলোকে হেনো চৰকাৰৰ পৰা প্রথমবাৰ পাঁচ হাজাৰ আৰু পৰৱর্তী সময়ত মাহেকত অনুদান হিচাপে ধন লাভ কৰিব৷ এই প্রলোভনসূচক প্রচাৰ বিয়পি পৰাৰ পিছতে আশ্চর্যকৰভাৱে পানীখাইতীৰ বিভিন্ন প্রান্তৰ উপৰি চন্দ্রপুৰৰ শিঙিমাৰী, তাঁতিমাৰা, চন্দ্রপুৰ বাগিচা, অৰণ্যনগৰ আৰু গোৱর্ধনৰ বিভিন্ন প্রান্তৰ দৈনিক শ শ মহিলাই হেতা–ওপৰা লগাইছে হাজংবড়ীত স্থাপন কৰা অস্থায়ী কেন্দ্রত৷ এই মহিলাসকলে আনকি দিনৰ দিনটো শাৰী পাতি থাকি কেৱল চৰকাৰী ধনৰ লোভত জিৰ’ বেলেঞ্চৰ হিচাপ বহী খুলিছে৷

ইফালে নামত জিৰ’ বেলেঞ্চ কোৱা হৈছে যদিও প্রতিগৰাকী মহিলাৰ পৰা ধন সংগ্রহ কৰিছে চি এছ পিগৰাকীয়ে৷ প্রাপ্ত তথ্য অনুসৰি এতিয়ালৈ সহস্রাধিক মহিলাই এই হিচাপ বহী খোলাৰ লগতে এশৰ পৰা দুশ টকাকৈ সংগ্রহ কৰিছে প্রতিগৰাকী মহিলাৰ পৰা৷ তথ্য অনুসৰি অঞ্চলটোত গ্রাহকৰ সংখ্যা বৃদ্ধি আৰু চি এছ পিৰ কমিছনৰ হিচাপ বৃদ্ধি কৰাৰ অংকত এনে ভুৱা প্রচাৰ তথা প্রলোভনৰ বাতৰি প্রচাৰ কৰি অঞ্চলবাসীৰ মাজত প্রৱঞ্চনাৰ জাল পেলাইছে সংশ্লিষ্ট বেংকটোৱে৷ আনকি এই হিচাপ বহীৰ জৰিয়তে বীমাকৰণৰ সুবিধাও লাভ কৰিব বুলি ভুৱা প্রচাৰ চলাইছে নির্দিষ্ট বেংকটোৱে৷ বেংকটোৰ এই কার্যৰ বাবে সমগ্র অঞ্চলজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত৷

You might also like