নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকক নিৰাপত্তা দিয়াত ব্যর্থ স্মার্ট আৰক্ষী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পিছতো মহানগৰ আৰক্ষী এনে অপৰাধজনিত ঘটনা নিয়ন্ত্রণত ব্যর্থ হৈছে৷ এক কথাত মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত স্মার্ট আৰক্ষী সম্পূর্ণৰূপে ব্যর্থ হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা দুর্বৃত্তই গুৱাহাটীত বাহৰ পাতি মহানগৰীত লুটপাত চলাই অহাৰ পিছতো আৰক্ষীয়ে এই সন্দর্ভত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ মহানগৰীৰ দিছপুৰ, ছয়মাইল, নাৰিকলবস্তি আৰু লালমাটিৰ পাছত মালিগাঁৱত আজি বাইকত অহা দুজনীয়া দুর্বৃত্তই এগৰাকী ৬০ ঊর্ধ্বৰ ব্যক্তিক আগভেটি ধৰি ৫০ হাজাৰ টকাৰ বেগ কাঢ়ি লৈ উধাও হয়৷ বাইকত অহা দুর্বৃত্তৰ আক্রমণত বৃদ্ধগৰাকী আহত হয়৷

ঘটনাৰ বিৱৰণী অনুসৰি মালিগাঁৱৰ যদু নাথ পাল (৬২) নামৰ ব্যক্তিজনে আজি পাণ্ডু প’ট ৰোডৰ এছ বি আইৰ বেংক শাখাৰ পৰা ধন উলিয়াবলৈ আহে৷ বেংকৰ পৰা ব্যক্তিজনে ৫০ হাজাৰ টকা উলিয়াই লৈ ঘৰমুৱা হওঁতেই বেংকৰ পৰা মাত্র কেইমিটাৰমান দূৰতেই বাইকত অহা দুজনীয়া দুর্বৃত্তই আগভেটি ধৰি বয়োজ্যেষ্ঠ ব্যক্তিজনক আক্রমণ কৰে৷ ব্যক্তিজনক আক্রমণ কৰাৰ লগতে দুর্বৃত্তই ব্যক্তিজনৰ হাতত থকা টকাৰ বেগটো কাঢ়ি নিয়ে৷ দুর্বৃত্তই টকাৰ বেগটো কাঢ়ি নিয়াৰ সময়তে বয়োজ্যেষ্ঠ ব্যক্তিজনে চিঞৰ–বাখৰ কৰে যদিও কোনো লোক ব্যক্তিগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ বয়োজ্যেষ্ঠ ব্যক্তিজনে টকাৰ বেগটো এৰি নিদিয়াৰ বাবে ব্যক্তিজনক দুর্বৃত্তই চোঁচোৰাই লৈ যায়৷ ফলত বয়োজ্যেষ্ঠ ব্যক্তিজন আহত হয়৷ পৰৱর্তী সময়ত ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনা সন্দর্ভত জালুকবাৰী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰা পৰলৈকে দুর্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য যে পূর্বেও মহানগৰীৰ বিভিন্ন স্থানত বাইকত অহা দুর্বৃত্তই বেংক গ্রাহকক আক্রমণ কৰি ধন লুট কৰি আহিছে৷ ইপিনে, ভোগালী বিহুৰ প্রাক্ক্ষণত বহিঃৰাজ্যৰ পৰা অহা ইৰানী গ্রুপৰ সদস্যই গুৱাহাটীত বাহৰ পাতি বেংক গ্রাহক অথবা বজাৰত সামগ্রী ক্রয় কৰিবলৈ যোৱা লোকসকলক লুট কৰাৰ জাল পাতিছে৷ বিশেষকৈ মহানগৰীৰ দিছপুৰ, গণেশগুৰি, পল্টনবজাৰ, পাণবজাৰ, ভৰলু, মাছখোৱা, শান্তিপুৰ, মালিগাঁও আৰু জালুবাৰী অঞ্চল দুর্বৃত্তৰ মূল লক্ষ্য হৈ পৰিছে৷ সেয়েহে জনসমাগম হোৱা অঞ্চলসমূহত মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আৰক্ষীৰ শীর্ষ সূত্রই আহ্বান জনাইছে৷

You might also like