নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ত পৰিত্যক্ত বাহনৰ দ’ম, সমাজ কল্যাণ বিভাগৰ হেমাহি

নিয়মীয়া বার্তা, ১৬ অক্টোবৰঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৰিত্যক্ত বাহনে বিনষ্ট কৰিছে মহানগৰীৰ বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ৰ চৌহদ৷ বিদ্যালয় চৌহদৰ ভিতৰত বিগত প্রায় পাঁচ বছৰ ধৰি সমাজ কল্যাণ বিভাগৰ বাহনসমূহ পৰিত্যক্ত অৱস্থাত ৰাখিছে৷ বিদ্যালয় চৌহদত দ’মাই থোৱা বাহনসমূহ হাবি–জংঘলে ঘেৰি ধৰাত বিদ্যালয় চৌহদৰ পৰিৱেশ বিনষ্ট হোৱাৰ সমান্তৰালকৈ বিশেষভাৱে সক্ষম শিক্ষার্থীয়ে মুকলিভাৱে চলা–ফুৰা কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷

বিদ্যালয় চৌহদত দৃষ্টিকটুভাৱে হাবি–জংঘলে ঘেৰি ধৰা বিলাসী বাহনসমূহ বছৰ বছৰ ধৰি যেনিয়ে–তেনিয়ে পৰিত্যক্ত অৱস্থাত পৰি থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই বাহনসমূহ স্থানান্তৰ কৰা পৰিলক্ষিত হোৱা নাই৷ ৰ’দ–বৰষুণৰ মাজত দীর্ঘদিন ধৰি পৰি থকা বাহনসমূহ মামৰে ধৰি ধ্বংস হ’বলৈ ধৰিছে যদিও ৰাজ্যৰ বিয়াগোম সমাজ কল্যাণ বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই৷

বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ লগতে পাৰিপার্শ্বিকতাৰ প্রতি লক্ষ্য ৰাখি যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় চৌহদ পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, সেই সময়ত বিশেষভাৱে সক্ষম শিক্ষার্থীৰ শৈক্ষিক প্রতিষ্ঠানত চৰকাৰী বাহন দ’মাই ৰাখি পৰিৱেশ বিনষ্ট কৰাত বিষয়টো সচেতন মহলত চর্চিত হৈছে৷

উল্লেখ্য যে বিদ্যালয়খনত অনুষ্ঠিত হোৱা বিভিন্ন সভা–সমিতিত সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিবকে ধৰি বিভাগীয় মন্ত্রী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল সঘনাই অহা–যোৱা কৰিছে যদিও বিদ্যালয় চৌহদৰ একাংশ ঠাই আগুৰি থকা পৰিত্যক্ত বাহনৰ দ’ম আমোলা–বিষয়াৰ দৃষ্টিগোচৰ হোৱা নাই৷

You might also like