নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ক’ৰোনাত ৯জনৰ প্রাণহানি

২৪ ঘণ্টাত আক্রান্ত ৭৬৯, হাৰ ২.১৯ শতাংশ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  ৰাজ্যত ক্রমশঃ ক’ভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে যদিও মৃত্যুৰ ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত ৯গৰাকী লোক মৃত্যুমুখত পৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি, বৃহস্পতিবাৰে দিনটোত ডিব্রুগড়ৰ টংকেশ্বৰ দাস (৫৫), ৰত্নেশ্বৰ সোণোৱাল (৬৯), চৰাইদেউৰ বিশ্বজিৎ বুঢ়াগোহাঁই (৫০), তিনিচুকীয়াৰ ৰূপেন শইকীয়া (৫৮), কামৰূপ মহানগৰৰ কৌশিক বর্মন (৩২), যোৰহাটৰ জিম মাঝি (২৫), গুণময়ী বৰা (৭২), লখিমপুৰৰ প্রবীণ দত্ত (৬২) আৰু শোণিতপুৰৰ ভৰত মালাকৰৰ (৮২) মৃত্যু ঘটে৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ বৃহস্পতিবাৰে ৯গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪৩গৰাকীলৈ বৃদ্ধি পালে৷ ইপিনে, বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত ৭৬৯গৰাকী লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে৷ ইয়াৰে ২০২গৰাকী কামৰূপ মহানগৰীৰ৷ দিনটোত ৩৫,০৪০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল৷ দিনটোত আক্রান্তৰ হাৰ ২.১৯ শতাংশ৷ আনহাতে, আজি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ১,২৬৩গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৯৮,৯৮২গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে আজিলৈকে ১,৬৯,৩৩২গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ২৮,৮০৪গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ মন্ত্রী ড০ শর্মাই টুইটত উল্লেখ কৰা অনুসৰি বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৫.০৯ শতাংশ৷ ১৪.৪৭ শতাংশ আক্রান্ত বর্তমান চিকিৎসাধীন হৈ আছে৷ মৃত্যুৰ হাৰ ০.৪২ শতাংশ৷

You might also like