গুৱাহাটীক অধিক পৰিষ্কাৰ, সুস্থ আৰু পৰিৱেশ-সচেতন মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে “For a Cleaner, Healthier & Greater Guwahati” অভিযানৰ অধীনত গুৱাহাটী পৌৰ নিগমে (GMC) কঠোৰ জৰিমনাৰ নতুন ব্যৱস্থা আৰম্ভ কৰিছে। এতিয়াৰে পৰা ৰাজহুৱা স্থানত থু-খেঁকাৰ পেলোৱা, আৱৰ্জনা সিঁচৰতি কৰা, নিষিদ্ধ প্লাষ্টিক ব্যৱহাৰ কৰা বা নলা-জলাশয় প্ৰদূষিত কৰা ব্যক্তিৰ বিৰুদ্ধে ৩০০ টকাৰ পৰা ২৫,০০০ টকালৈকে অন-দ্য-স্পট জৰিমনা বিহা হ’ব।
এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ পৌৰ নিগমৰ বিষয়াসকলক ঘটনাস্থলীতেই নিয়ম ভংগকাৰীক ধৰি জৰিমনা আৰোপ কৰাৰ ক্ষমতা দিয়া হৈছে।
নতুন জৰিমনাৰ তালিকা
- ৩০০ টকা – ৰাজহুৱা স্থানত থু-খেঁকাৰ পেলোৱা।
- ৫০০ টকা – পথত আৱৰ্জনা পেলোৱা, ৰাজহুৱা স্থানত প্ৰস্ৰাৱ বা মলত্যাগ কৰা, নিষিদ্ধ একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা, উদ্যান বা মুকলি ঠাইত জাবৰ পেলোৱা, স্বাস্থ্যজনিত, ই-আৱৰ্জনা বা পশুৰ আৱৰ্জনা ভুল পদ্ধতিত পেলোৱা।
- ১,০০০ টকা – মাছ, কুকুৰা বা কচাইখানাৰ আৱৰ্জনা মুকলি ঠাইত পেলোৱা অথবা নদী, নলা, বিল আৰু জলাশয়ত আৱৰ্জনা নিক্ষেপ কৰা।
- ২,০০০ টকা – নিৰ্মাণ সামগ্ৰীৰ আৱৰ্জনা, ভগ্নাৱশেষ বা মলমূত্ৰৰ বোকা (Faecal Sludge) অবৈধভাৱে পেলোৱা।
- ৫,০০০ টকা – ৰাসায়নিক আৱৰ্জনা পেলোৱা বা চৰকাৰী দেৱাল, বিদ্যুতৰ খুঁটা, দলং আদি ৰাজহুৱা গাঁথনিত পোষ্টাৰ-বেনাৰ লগোৱা।
- ২৫,০০০ টকা – নলা-নৰ্দমাত নিৰ্মাণ সামগ্ৰী বা গধুৰ আৱৰ্জনা পেলাই পানীৰ প্ৰবাহত বাধা সৃষ্টি কৰা।

GMCৰ মতে, বৰষুণৰ সময়ত গুৱাহাটীত সঘনাই হোৱা জলাবদ্ধতাৰ অন্যতম কাৰণ হৈছে নলা-নৰ্দমা আৱৰ্জনাৰে বন্ধ হৈ যোৱা। সেয়েহে নতুন জৰিমনা ব্যৱস্থাৰ জৰিয়তে একে সময়তে নাগৰিকৰ সচেতনতা বৃদ্ধি, পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা আৰু নগৰখনক জলাবদ্ধতাৰ সমস্যাৰ পৰা সকাহ দিয়াৰ লক্ষ্য লোৱা হৈছে।
পৌৰ নিগমে সকলো নাগৰিককে অনাময় বিধি মানি চলি গুৱাহাটীক এখন পৰিষ্কাৰ, সুস্থ আৰু অধিক বাসযোগ্য মহানগৰ হিচাপে গঢ়ি তোলাত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ৮ জুলাই