তাজ ভিভাণ্টাৰ বিৰুদ্ধে শীঘ্রে ব্যৱস্থা ল’ব প্রশাসনে
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰান কাণ্ড সন্দর্ভত তদন্ত প্রক্রিয়া চলি থকাৰ মাজতে তাজ ভিভাণ্টাত মাজনিশালৈ চলা সুৰাৰ পার্টী সন্দর্ভত জিলা প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ সান্ধ্য আইন উলংঘাৰে তাজ ভিভাণ্টাত যোৱা ১ অক্টোবৰত চলা সুৰাৰ পার্টী সন্দর্ভত জিলা প্রশাসনে তদন্ত চলায়৷ ইতিমধ্যে বিলাসী হোটেলখনৰ বিৰুদ্ধে জিলা প্রশাসনে তদন্ত চলাই এক সিদ্ধান্তত উপনীত হৈছে৷ দুই–এদিনৰ ভিতৰত হোটেলখনৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত ৰাজহুৱা কৰা হ’ব বুলি আজি এখন সংবাদ মেলত সাংবাদিকৰ প্রশ্ণোত্তৰত বিশ্বজিৎ পেগুৱে সদৰী কৰে৷ উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ নিশা মহানগৰীৰ ৰুক্মিণী নগৰত সুৰাসক্ত মডেল ৰাজকন্যাৰ বাহনৰ খুন্দাত এজন শ্রমিক চিৰদিনৰ বাবে ঘুণীয়া হোৱাৰ লগতে সাতজন শ্রমিক আহত হৈছিল৷