নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমান বন্দৰৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ আশ্বাস আদানী গ্ৰুপৰ

নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰ : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ অনিশ্চিত ভবিষ্যতৰ প্ৰসঙ্গত আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ কমিটিয়ে আজি বৰঝাৰস্থিত বিমান বন্দৰত আদানি গুৱাহাটী ইন্টাৰনেচনেল এয়াৰপোৰ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে মানৱ সম্পদ সঞ্চালকৰ স’তে এক আলোচনাত মিলিত হয়। মজদুৰ সংঘৰ অসম প্ৰদেশ কমিটিৰ সভানেত্রী দীপ্তি বৰা শইকীয়া, সাধাৰণ সম্পাদক নৱ কুমাৰ গগৈ, সম্পাদকদ্বয় অনুপম বৰগোহাঁই, ৰঞ্জন শৰ্মা, কামৰূপ জিলা সমিতিৰ সম্পাদক কমল শৰ্মা, কোষাধ্যক্ষ নূপুৰ বৰুৱা, ইণ্ডিয়ান এয়াৰপোৰ্ট কামগাৰ ইউনিয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ সভাপতি দিলীপ দাস, সম্পাদক দীপাংকৰ বৰদলৈ, সহ:সম্পাদক দিগন্ত দাসৰ নেতৃত্বত যোৱা দলটিয়ে আদানী গুৱাহাটীৰ কাৰ্যবাহী বিষয়া উৎপল বৰুৱা, মানৱ সম্পদ সঞ্চালক বনজিৎ ওঝাক কৰা সাক্ষাৎ কৰি কৰ্মচাৰী সকলৰ সমস্যাৰ বিষয়ে অৱগত কৰে । মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱাই কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে যাতে নিজৰ কৰ্মসংস্থান নেহেৰুৱায় তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাৰ আশ্বাস প্রদান কৰে। আলোচনাকালত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সংক্রান্ততীয় বিষয় আলোচনা কৰাৰ লগতে বিমান বন্দৰৰ সমস্যা সমূহ সমাধান কৰাৰ ব্যৱস্থা কৰিব বুলি আদানী গুৱাহাটীৰ বিষয়াগৰাকীয়ে আশ্বাস দিয়ে ।

You might also like