নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনৰীয়া হাতীৰ উপদ্ৰৱঃ মেঘালয় সীমান্তবৰ্তী  ৰাণীত কৃষকক উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ  কাতি মাহৰ আৰম্ভণিতে ধাননি পথাৰে ৰং সলাইছে । বিৰিঙিছে কৃষিজীৱী গঞাৰ মুখত হাঁহি । সমগ্ৰ ৰাজ্যৰ ধাননি পথাৰ হৈ পৰিছে অধিক দৃষ্টিনন্দন । কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ তথা অসম-মেঘালয়ৰ সীমান্তৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলৰ একাংশ কৃষিজীৱী গঞা সম্প্ৰতি বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে অধিক চিন্তাক্লিষ্ট হৈ পৰিছে । অতি কষ্টেৰে শাওনৰ পথাৰত বোকা-পানী গচকি ভূঁই ৰুই উঠাৰ পিছত সম্প্ৰতি ধান কাটিবলৈ মাজতে আৰু প্ৰায় দহ-পোন্ধৰ দিন বাকী থকা অৱস্থাত অসম-মেঘালয়ৰ দাঁতিকাষৰীয়া খাচী-জয়ন্তীয়া পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত সোমাই খেতিপথাৰ তহিলং কৰা আৰম্ভ কৰিছে । ঘোৰ নিদ্ৰাত বনবিভাগ ।

তেনেক্ষেত্ৰত জীৱন-জীৱিকাৰ কষ্টৰ ফচল ধান মুঠি হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ বাবে ইতিমধ্যে বৃহত্তৰ ৰাণী অঞ্চলৰ কৃষিজীৱী গঞাই ধাননি পথাৰত নৈশ পহৰাৰ ব্যৱস্থা কৰিছে । টঙি ঘৰ সাজি ফটকা ফুটাই বনৰীয়া হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰখাৰ মাজতে আজি এনে বিপজ্জনক কাৰ্যত সহায়ক হোৱাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী দেউচতালৰ বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপীয়ে ৰাণীৰ কৃষিজীৱী গঞাৰ মাজত বিতৰণ কৰে উচ্চ ক্ষমতা সম্পন্ন টৰ্চ লাইট ।

জানিব পৰা মতে কৃষিজীৱী গঞা ৰাইজে হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বনৰীয়া হাতীয়ে একাংশ লোকৰ ধাননি পথাৰ লণ্ডভণ্ড কৰিছে । কৃষক ৰাইজক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা কিছু সকাহ দিয়াৰ লক্ষ্যৰে বলেশ্বৰ ৰংপীয়ে আজি বৃহত্তৰ ৰাণী অঞ্চলৰ মেঘালয় সীমান্তবৰ্তী নালাপাৰা , চেঁচা , বেলগুৰি , জয়পুৰ , উমছুৰ আৰু বিক্রমপুৰৰ ২০ জন কৃষকক হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ উচ্চক্ষমতা সম্পন্ন  টৰ্চলাইট বিতৰণ কৰে ।

You might also like