নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীৰজ, সুনীল ছেত্রীৰ সৈতে তালিকাত অসমকন্যা লাভলীনা

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ দেশৰ সর্বোচ্চ ক্রীড়া সন্মান খেলৰত্নৰ বাবে ১১গৰাকী খেলুৱৈক মনোনীত কৰা হৈছে৷ ৰাষ্ট্রীয় ক্রীড়া বঁটা কমিটীয়ে আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত শেহতীয়াকৈ দাঙি ধৰা প্রদর্শনৰ ভিত্তিত এই বর্ষৰ খেলৰত্নৰ বাবে সর্বাধিক ১১গৰাকী খেলুৱৈক মনোনীত কৰিছে৷ টকিঅ’ অলিম্পিকত দেশৰ হৈ ঐতিহাসিক স্বর্ণপদক জয় কৰা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রা, ৰূপৰ পদক বিজয়ী মল্লযুঁজাৰু ৰবি দাহিয়া, ব্রঞ্জ বিজয়ী মহিলা বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁই, ফুটবল তাৰকা সুনীল ছেত্রী, মহিলা ক্রিকেটাৰ মিতালী ৰাজ, পেৰালিম্পিয়ান প্রমোদ ভগৎ, সুমিত আণ্টিল, অৱনী লেখাৰা, কৃষ্ণা নাগৰ আৰু মনীষ নৰৱালে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সন্মানীয় বঁটাৰ বাবে মনোনীত সুনীল ছেত্রী হ’ল দেশৰ প্রথমগৰাকী ফুটবলাৰ৷ উল্লেখ্য যে পেৰালিম্পিয়ান অৱনী লেখাৰা, মনীষ নৰৱাল, সুমিত আণ্টিল, প্রমোদ ভগৎ আৰু কৃষ্ণা নাগৰে বিগত টকি’ পেৰালিম্পিকত সোণৰ পদক অর্জন কৰিছিল৷ ইফালে, নেচনেল স্প’টছ এৱার্ড কমিটীয়ে সন্মানীয় অর্জুন বঁটাৰ বাবে ৩৫গৰাকী খেলুৱৈৰ নাম মনোনীত কৰিছে৷ তেওঁলোকৰ ভিতৰত অন্যতম হ’ল ক্রিকেটাৰ শিখৰ ধাৱন, পেৰা এথলিট ভাবিনা পেটেল আৰু টকি’ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ আটাইকেইগৰাকী খেলুৱৈ৷

You might also like