নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইই পৰীক্ষাত এল্লেন গুৱাহাটীৰ সাফল্য

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ শিক্ষাৰ দিশত এল্লেন গুৱাহাটীৰ সাফল্যৰ ধাৰা অব্যাহত আছে৷ জে ই ই মেইন ২০২১ তৃতীয় ছেছনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ এল্লেন কেৰিয়াৰ ইনষ্টিটিউটে জে ই ই মেইন পৰীক্ষাত সফলতা লাভ কৰিছে৷

এল্লেন কেৰিয়াৰ ইনষ্টিটিউটৰ গুৱাহাটীৰ হেড ব্রজেশ কুমাৰ যাদৱে জনোৱা মতে ৯গৰাকী শিক্ষার্থীয়ে ৯৯ পার্চেণ্টাইলৰ ওপৰত নম্বৰ লাভ কৰিছে৷ ২৮গৰাকী শিক্ষার্থীয়ে ৯৫ পার্চেণ্টাইলৰ ওপৰত নম্বৰ লাভ কৰিছে সেইদৰে ৪১গৰাকী শিক্ষার্থীয়ে ৯০ পার্চেণ্টাইলতকৈ অধিক নম্বৰ লাভ কৰিছে৷

এল্লেনৰ এই সাফল্যই শিক্ষার্থীসকলক উৎফুল্লিত কৰাৰ লগতে তেওঁলোকৰ এই প্রচেষ্টাৰ শলাগ লৈছে৷ এল্লেনে শিক্ষার্থীসকলৰ বাবে এনেধৰণৰ পাঠ্যক্রমৰ জৰিয়তে সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ প্রচেষ্টা চলাই আহিছে৷

You might also like