নিয়মীয়া বার্তা, ১৩ মে’ : নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড০ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে এক বিবৃতিযোগে আমচাং বনাঞ্চল বা দাঁতি কাষৰীয়া অঞ্চলত উচ্ছেদৰ ভাবুকিৰে বন বিভাগে জাননী জাৰি কৰা কার্যক কঠোৰ ভাষাৰে গৰিহণা জনায়৷ জৰীপৰ দ্বাৰা সংশ্লিষ্ট গাঁওসমূহ ৰাজহ গাঁও নহয় বুলি প্রতিপন্ন নোহোৱালৈকে চৰকাৰৰ উচ্ছেদৰ সিদ্ধান্ত আইনসংগত নহয় ৷ এতেকে সেই সিদ্ধান্ত অবৈধ আৰু অসাংবিধানিক ৷ উল্লেখ্য যে ২০১৬ চনত ৰাজহ বিভাগৰ অন্তর্ভুক্ত ভূমিক বনাঞ্চলৰূপে দাবী কৰি বন বিভাগে নির্মমভাৱে উচ্ছেদ কার্য চলোৱাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল আৰু এনে প্রতিক্রিয়াৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে এক উচ্চস্তৰীয় সমিতি গঠনৰ দ্বাৰা বিষয়টোক চালি–জাৰি চাবলৈ সমিতিক দায়িত্ব অর্পণ কৰিছিল ৷ এই সমিতিৰ পৰামর্শ অনুযায়ী ইতিমধ্যে ৰাজহ,বন আৰু ভূমিলেখ্য বিভাগে যুটীয়াভাৱে আমচাং বনাঞ্চলৰ সীমা নির্ধাৰণৰ বাবে জৰীপ কার্য চলায় আৰু এই জৰীপত ২০১৬ চনত বন বিভাগে উচ্ছেদ চলোৱা অধিকাংশ অঞ্চলেই ৰাজহ গাঁৱৰ অন্তর্ভুক্ত হোৱা বুলি ইতিমধ্যেই খবৰ প্রকাশিত হৈছে ৷
কিন্তু দুর্ভাগ্যৰ কথা যে বন বিভাগে এই জৰীপ কার্যৰ অংশীদাৰ হোৱাৰ পাছতো এই জৰীপৰ প্রতিবেদন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে৷ইয়াৰ পৰৱর্তী সময়ত আমচাং বনাঞ্চলৰ সীমা নির্ধাৰণৰ দায়িত্ব কেন্দ্রীয় সংস্থা ‘ছার্ভে অৱ ইণ্ডিয়া Survey of India)ক দিয়া হয়৷ জনা মতে ২০১৯ চনৰ নৱেম্বৰ মাহতে জনস্বার্থ জডিত গোচৰ ২৭/২০১৩ ৰ শুনানিত উক্ত সংস্থাৰ অধিবক্তাই তিনি মাহৰ ভিতৰত জৰীপ কার্য সম্পন্ন কৰা হ’ব বুলি উচ্চ ন্যায়ালয়ক অৱগত কৰিছিল৷ কিন্তু এইপর্যন্ত এই জৰীপ সম্পন্ন হোৱা নাই৷ অর্থাৎ, আজিপর্যন্ত আমচাং বনাঞ্চলৰ সীমা নির্ধাৰিত হোৱা নাই৷ বনাঞ্চলখনৰ সীমা নির্ধাৰণ নোহোৱাকৈ বন বিভাগে দিয়া উচ্ছেদৰ জাননী অবৈধ বুলি সমিতিয়ে অনুভৱ কৰে৷ সমিতিয়ে এনে জাননী, জনগণবিৰোধী বুলি অভিহিত কৰি এনে কার্যৰ দ্বাৰা শাসনাধিষ্ঠিত চৰকাৰখন জনবিৰোধী আৰু খিলঞ্জীয়াবিৰোধী স্থিতি পুনৰ প্রতীয়মাণ হ’ল বুলি উল্লেখ কৰে৷ ক’ৰোনাৰ ভয়াৱহ আক্রমণে সমগ্র দেশকে আতংকিত কৰি ৰখাৰ মুহূর্ততবন বিভাগে চূডান্ত অসংবেদনশীলতাৰ পৰিচয় দি উচ্ছেদৰ জাননী জাৰী কৰিছে আৰু এনে জাননী কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সমিতিয়ে চৰকাৰক সকীয়াই দিয়ে৷ শেহতীয়াকৈ উচ্ছেদ কার্য স্থগিত কৰা বুলি বিভাগীয় মন্ত্রীয়ে আগবঢ়োৱা বক্তব্যক আদৰণি জনাই সমিতিয়ে বন বিভাগক আমচাং বনাঞ্চলৰ সীমা নির্ধাৰণ নোহোৱাপর্যন্ত খিলঞ্জীয়া আৰু থলুৱা মানুহৰ ওপৰত চৰকাৰী বাহিনীৰ দ্বাৰা কোনোধৰণৰ উচ্ছেদ নচলাবলৈ আহ্বান জনায় ৷