মহানগৰীত চলিব ধঁপাতবিৰোধী অভিযান
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত আজি জিলা স্বাস্থ্য সমিতিৰ ধঁপাত নিয়ন্ত্রণ কোষৰ জিলা পর্যায়ৰ সঞ্চালন আৰু সমন্বয়ৰক্ষী কমিটীৰ গুৰুত্বপূর্ণ সভা এখন অনুষ্ঠিত হয়৷ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জিলাখনত ধঁপাতবিৰোধী অভিযান আৰু অধিক সক্রিয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰাই চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্রী আইন–২০০৩খন অধিক কার্যকৰী ৰূপত বলৱৎ কৰিবলৈ আৰক্ষীকে ধৰি সংশ্লিষ্ট সকলো বিভাগৰে সহযোগিতা কামনা কৰে৷
গুৱাহাটী পৌৰ নিগমে বিভিন্ন দোকান, ব্যৱসায়িক প্রতিষ্ঠান আদিক অনুজ্ঞাপত্র দিয়াৰ সময়ত সংশ্লিষ্ট দোকান, ব্যৱসায়িক প্রতিষ্ঠানসমূহে যাতে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় আইন (২০০৩)খন মানি চলে, তাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই অনুজ্ঞাপত্র প্রদান কৰাৰ সময়ত দোকান, ব্যৱসায়িক প্রতিষ্ঠানসমূহক নির্দেশনা দিয়া প্রয়োজন বুলি আজিৰ সভাত আলোচনা হয়৷ সভাত জিলাখনত শিক্ষানুষ্ঠান তথা বিদ্যালয়সমূহত ধঁপাতৰ বিৰুদ্ধে ব্যাপক সজাগতা অভিযান চলোৱাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু প্রতিখন বিদ্যালয়তে এগৰাকী শিক্ষকক ইয়াৰ বাবে ন’ডেল বিষয়া হিচাপে দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ এনে ন’ডেল বিষয়াসকলক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷
সভাত জিলা ধঁপাত নিয়ন্ত্রণ অভিযানৰ সমল বিষয়া ডাঃ মৃদুল ভাৰতী নাথৰ লগতে স্বাস্থ্য, সমাজ কল্যাণ, শিক্ষা, গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ, খাদ্য সুৰক্ষা আদি সংশ্লিষ্ট বিভাগসমূহৰ ভালেসংখ্যক বিষয়া উপস্থিত থাকে৷ একেদৰে জিলা যক্ষ্মা আৰু আনুষংগিক ৰোধ সমিতিৰ বৈঠক এখনো আজি জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ অধ্যক্ষতাতে উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়৷ জিলা যক্ষ্মা বিষয়া ডাঃ মৃদুল ভাৰতী নাথে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে জিলাখনত ৰূপায়ণ হৈ থকা ৰাষ্ট্রীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অগ্রগতিৰ বিষয়ে এক আভাস দাঙি ধৰে৷