নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়

নিয়মীয়া বাৰ্তা ১৩ জুনঃ ৰাজ্যৰ বিশেষভাৱে সক্ষম তথা দৃষ্টিহীন ছাত্র–ছাত্রীৰ মাজৰ শিক্ষাৰ পোহৰ বিলাই উজলি উঠিছে গুৱাহাটী মহানগৰীৰ এখন শিক্ষানুষ্ঠান৷ ১৯৭৮ চনত বশিষ্ঠৰ লতাকটাত স্থাপিত হোৱা গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়খনৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীর্ণ হৈ এগৰাকী ছাত্রই বিদ্যালয়খনত পূর্বৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷
প্রাপ্ত তথ্য অনুসৰি এইবেলি বিদ্যালয়খনৰ ছাত্র ধীৰাজ দাসে অসমীয়াত ৫০, ইংৰাজীত ৪৪, সাধাৰণ গণিতত ৬৪, সমাজ বিজ্ঞানত ৫৭, সাধাৰণ বিজ্ঞানত ৫৬ আৰু মিউজিকত ৮৬ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হৈছে৷ একেদৰে বিদ্যালয়খনৰ আন এজন ছাত্র মৃদুল ৰাভাই অসমীয়াত ৫২, ইংৰাজীত ৫৩, সাধাৰণ গণিতত ৩৭, সাধাৰণ বিজ্ঞানত ৬৩, সমাজ বিজ্ঞানত ৬৩ আৰু মিউজিকত ৮৮ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হৈ বিদ্যালয়খনৰ পূর্বৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ শাৰীৰিক বাধাক নেওচি বিভিন্ন সমস্যাৰ মাজত অধ্যয়ন কৰি শিক্ষার্থী দুজনে দেখুওৱা ফলাফলত বিদ্যালয়খনৰ শিক্ষক সমাজে সন্তোষ প্রকাশ কৰিছে৷ বিদ্যালয়খনত দীর্ঘদিন শিক্ষাদান কৰি অহা আদর্শ শিক্ষক তথা বশিষ্ঠ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত দায়িত্বত থকা অধ্যক্ষ ভবেন বর্মনে কয় যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সহযোগত বিদ্যালয়খন চলি আছে যদিও বিদ্যালয়খন বহু সমস্যাৰে জর্জৰিত৷ শ্রেণীকোঠাৰ অভাৱকে ধৰি পর্যাপ্ত ছাত্রাৱাস তথা ছাত্রীনিৱাসৰ সমস্যা দীর্ঘদিনীয়া৷
শেহতীয়াকৈ দৃষ্টিহীন শিক্ষার্থীৰ সুবিধাৰ প্রতি লক্ষা ৰাখি বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত কৰা হৈছে যদিও শ্রেণীকোঠাৰ অভাৱ ঘটিছে৷ অৱশ্যে সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মৰ তত্বাৱধানত বিদ্যালয়খনৰ শ্রেণীকোঠাৰ নির্মাণ কার্য চলি আছে যদিও সেয়া সম্পূর্ণ হৈ উঠা নাই৷ সেয়েহে চলিত শিক্ষাবর্ষত পাঠদানৰ ক্ষেত্রত বিশেষ সমস্যাৰ সৃষ্টি হ’ব বুলি তেওঁ মতামত ব্যক্ত কৰে৷ তদুপৰি বিদ্যালয়খনৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রতো বিত্ত বিভাগে বিশেষ গুৰুত্ব প্রদান নকৰা বুলি তেওঁ জানিবলৈ দিছে

You might also like