নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ নৱেম্বৰৰ দেশজোৰা ধর্মঘট সফল কৰাৰ বাবে মহানগৰীত বাইক ৰেলীৰে সজাগতা

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক আৰু কৃষকবিৰোধী নীতি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ২৬ নৱেম্বৰত আহ্বান কৰা দেশজোৰা সাধাৰণ ধর্মঘট সফল কৰাৰ বাবে মহানগৰীত কালি এক সজাগতা ৰেলী উলিয়ায় শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই৷

মঞ্চৰ ভালেসংখ্যক শ্রমিক–কর্মচাৰীয়ে নাৰেংগীত এখন পথসভা অনুষ্ঠিত কৰি তাৰ পৰা বহুকেইখন সৰু–বৰ গাড়ীৰে নুনমাটি, চানমাৰি, আমবাৰী, বিৰুবাৰী আদি কৰি মহানগৰীৰ বহুকেইটা অঞ্চলত সমদল কৰে আৰু সকলো শ্রেণীৰ শ্রমিকক সেই ধর্মঘট সফল কৰি তুলিবলৈ বিভিন্ন শ্লোগানৰ জৰিয়তে আহ্বান জনায়৷ লগতে বৃহৎ ধর্মঘট সম্পর্কত প্রকাশ কৰা লীফলেট এখনো বিতৰণ কৰে সমদলকাৰীসকলে

You might also like