বৰাগাঁৱত হ’ব বিকল্প আৱর্জনা নিষ্কাশন প্রকল্প
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত স্থাপন হ’ব ডাম্পিং গ্রাউণ্ড৷ ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে বৰাগাঁৱত স্থাপন হ’ব লগা আৱর্জনা নিষ্কাশন প্রকল্পৰ নিবিদা প্রক্রিয়া সমাপ্ত কৰিছে৷ চৰকাৰৰ অনুমতি পালেই বৰাগাঁৱত আৱর্জনা নিষ্কাশন প্রকল্পৰ কাম আৰম্ভ কৰিব পৌৰ নিগমে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰাগাঁৱত স্থাপন হ’ব লগা আৱর্জনা নিষ্কাশন প্রকল্প সন্দর্ভত শপতনামা দাখিল কৰিছে পৌৰ নিগমে৷ কালি ন্যায়াধীশ এন কে সিঙৰ আদালতত গুৱাহাটীৰ ডাম্পিং গ্রাউণ্ড সন্দর্ভত শপতনামা দাখিল কৰি এই তথ্য প্রকাশ কৰিছে পৌৰ নিগম কর্তৃপক্ষই৷ উল্লেখ্য যে সেউজ ন্যায়াধিকৰণৰ নির্দেশনা মানি দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড পৌৰ নিগমে চন্দ্রপুৰলৈ স্থানান্তৰিত কৰিছিল৷ কিন্তু চন্দ্রপুৰবাসীৰ ধাৰাবাহিক প্রতিবাদত সেও মানি চন্দ্রপুৰৰ পৰিৱর্তে মহানগৰীৰ আন স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছিল পৌৰ নিগমে৷
জি এম চি কর্তৃপক্ষই মহানগৰীৰ আৱর্জনা পেলাবৰ বাবে সোণাইঘুলি, যোৰাবাট আৰু পশ্চিম বৰাগাঁৱত স্থান নির্ধাৰণ কৰিছিল৷ বিশেষজ্ঞৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰি পৌৰ নিগম কর্তৃপক্ষই পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৰামছাৰ ছাইড খ্যাত দীপৰ বিলৰ সমীপত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্তৰ বিৰোধিতাৰে অঞ্চলটোৰ ৰাইজে প্রতিবাদ সাব্যস্ত কৰিছিল৷ দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ প্রতি ডাম্পিং গ্রাউণ্ডে কঢ়িয়াব পৰা ভাবুকিৰ প্রতি লক্ষ্য ৰাখিয়েই পৌৰ নিগমৰ সিদ্ধান্তক বিবেচনা কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আহ্বান জনাইছিল৷ এই সন্দর্ভত পৌৰ নিগম কর্তৃপক্ষ আৰু অঞ্চলটোৰ দল–সংগঠনৰ প্রতিনিধিৰ সৈতে পৌৰ নিগম কর্তৃপক্ষই কেইবাবাৰো আলোচনাত মিলিত হৈছিল৷ ইয়াৰ পাছতে পৌৰ নিগম কর্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বাবে নিবিদা প্রক্রিয়া সম্পূর্ণ কৰি চৰকাৰৰ সেউজ সংকেতলৈ অপেক্ষা কৰা বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে ৫০০ টন আৱর্জনা ওলায়৷ মহানগৰীৰ এই আৱর্জনা অত্যাধুনিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ বাবে পৌৰ নিগম কর্তৃপক্ষই কি আঁচনি গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷