চন্দ্রপুৰৰ প্রকল্পৰ বিষদ তথ্য দাখিলৰ নির্দেশ হাইক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ২০ জুলাইঃ মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰাক লৈ প্রতিবাদ অব্যাহত থকাৰ সময়তে সমগ্র বিষয়টো উপস্থাপন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ প্রদীপ বৰুৱা নামৰ এজন ব্যক্তিয়ে দাখিল কৰা ৪০/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে সোমবাৰে ৰাজ্য চৰকাৰক সবিশেষ তথ্যসম্বলিত শপতনামা দাখিলৰ নির্দেশ দিছে৷ চন্দ্রপুৰত প্রস্তাৱিত প্রকল্পৰ সবিশেষ তথ্য অন্তর্ভুক্তিৰে দুসপ্তাহৰ ভিতৰত এই শপতনামাখন দাখিল কৰিবলৈ নির্দেশ দিছে মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে৷
উল্লেখ্য যে সেউজ ন্যায়াধিকৰণে বৰাগাঁও অঞ্চলত আৱর্জনা পেলাবলৈ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে গুৱাহাটী পৌৰ নিগমে চন্দ্রপুৰত স্থাপন কৰিছিল ডাম্পিং গ্রাউণ্ড৷ কিন্তু পৌৰ নিগমৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে চন্দ্রপুৰবাসীয়ে৷ অঞ্চলটোত কোনো কাৰণতে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে ধাৰাবাহিকভাৱে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে স্থানীয় লোকসকলে৷
ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে৷ সেই অনুসৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই পৌৰ নিগমৰ আৱর্জনা ব্যৱস্থাপনা বিধি, ২০১৬ৰ কেইবাটাও নীতি ভংগ কৰিছে৷ তদুপৰি আৱর্জনা পেলোৱাৰ ফলত চন্দ্রপুৰৰ পাৰিপার্শ্বিকতাত প্রভাৱ পেলাব বুলি উল্লেখ কৰা হৈছে আবেদনখনত৷ অৱশ্যে চন্দ্রপুৰত আৱর্জনা নিষ্কাশনৰ পৰা শক্তি উৎপাদনকে ধৰি বিভিন্ন প্রকল্প গ্রহণ কৰা হ’ব বুলি চৰকাৰী পক্ষই উচ্চ ন্যায়ালয়ক অৱগত কৰে৷ যাৰ ফলত উচ্চ ন্যায়ালয়ে প্রস্তাৱিত প্রকল্পৰ সবিশেষ দাখিল কৰিবলৈ নির্দেশ দিছে৷