দিছপুৰত বিজেপিৰ যুৱ প্রার্থীৰ দাবী চন্দ্রপুৰৰ ভোটদাতাৰ
অতুল বৰাৰ বিৰুদ্ধে সমষ্টি উন্নয়নত ব্যর্থ হোৱাৰ অভিযোগ
নিয়মীয়া বার্তা, ৭ মার্চঃ আসন্ন অসম বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শক্তিশালী ৰাজনৈতিক দল বিজেপি আৰু কংগ্রেছকে ধৰি অন্যান্য ৰাজনৈতিক দলত প্রার্থিত্বপ্রত্যাশীসক্ নিজ নিজ সমষ্টিৰ চুকে–কোণে বেনাৰ–পোষ্টাৰ লগাই ভোটাৰ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছে৷
কামৰূপ মহানগৰ জিলাৰ আন তিনিটা সমষ্টিৰ সমান্তৰালকৈ দিছপুৰ সমষ্টিতো প্রার্থিত্ব বিচাৰি বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ কাষ চাপিছে প্রার্থিত্বপ্রত্যাশী যুৱ নেতৃত্বই৷ ৰাজ্যৰ অন্যান্য ৭০টা সমষ্টিত ইতিমধ্যে বিজেপি দলে প্রার্থীৰ নাম ঘোষণা কৰিছে যদিও দিছপুৰ সমষ্টিৰ প্রার্থিত্ব আজিও ঘোষণা কৰা পৰিলক্ষিত হোৱা নাই৷
বিজেপিৰ পৰা বিধায়ক অতুল বৰাৰ লগতে দলৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত কুমাৰ দাস আৰু যুৱ মর্চাৰ মৃগাংক বর্মন প্রার্থিত্বৰ দৌৰত থকা বুলি জানিব পৰা গৈছে৷ বিধায়ক অতুল বৰাৰ লগতে মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে ইতিমধ্যে সমষ্টিৰ চুকে– কোণে ভোটাৰ ৰাইজক আকর্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰি পদযাত্রা, চাইকেল ৰেলী, জনসম্পর্ক অভিযান আৰু সমষ্টিটোৰ ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱা পৰিলক্ষিত হৈছে৷
এই সমষ্টিটোত বিজেপিৰ প্রার্থিত্বক লৈ ভোটাৰৰ মাজত ব্যাপক উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে অধিকাংশ যুৱ ভোটাৰে এইবেলি বিধায়ক অতুল বৰাৰ বিপৰীতে যুৱ নেতৃত্বক টিকটৰ ক্ষেত্রত বিজেপি দলে অগ্রাধিকাৰ দিয়াৰ পোষকতা কৰিছে৷ নাৰেংগীৰ প্রাক্তন ছাত্র নেতা টুটুমণি চৌধুৰীয়ে এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিধায়ক অতুল বৰাই বিগত ৫ বছৰত সমষ্টিটোৰ উন্নয়নমূলক কাম কৰা পৰিলক্ষিত হোৱা নাই৷
পৰিৱর্তনৰ শ্লোগান আওৰাই ক্ষমতা দখল কৰা বিধায়গৰাকীয়ে সমষ্টিবাসীৰ লগত সম্পর্ক ৰক্ষা কৰাত চূড়ান্ত ব্যর্থ হোৱা বুলি অভিযোগ কৰে৷ সেয়েহে এইবেলি সমষ্টিটো যুৱ নেতৃত্বক টিকটৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়াৰ বাবে তেওঁ দলীয় নেতৃত্বক আহ্বান জনায়৷ ইপিনে, চন্দ্রপুৰৰ সমাজকর্মী দ্বিগেন বংজাং বিধায়ক অতুল বৰাই ৰাইজৰ বিপৰীতে কেইজনমান ঠিকাদাৰৰূপী বিজেপি কর্মীৰ লগতহে সম্পর্ক ৰক্ষা কৰি ৫টা বছৰ পাৰ কৰা বুলি অভিযোগ কৰে৷
ইয়াৰ বাবে সাধাৰণ লোকৰ পৰা তেওঁৰ দূৰত্ব বৃদ্ধি পোৱা বুলি তেওঁ জনাইছে৷ অৱশ্যে শেহতীয়াকৈ ঠাকুৰকুছি গাঁৱত কিছু উন্নয়নমূলক কাম–কাজ কৰা বুলি সমাজকর্মী ৰংহাঙে কয়৷ সেয়েহে আসন্ন নির্বাচনত দলীয় টিকট প্রদানৰ ক্ষেত্রত যুৱপ্রজন্মৰ প্রার্থীক দলে গুৰুত্বসহকাৰে ল’ব বুলিও তেওঁ মতামত ব্যক্ত কৰে৷
আনহাতে, কংগ্রেছ দলে সন্মানীয় দিছপুৰ সমষ্টিত এইবাৰ প্রাক্তন মন্ত্রী অকণ বৰা তথা অন্য প্রার্থীৰ বিপৰীতে আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ পোষকতা কৰাক লৈ ভোটাৰ ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমষ্টিটোৰ বিভিন্ন অঞ্চলত কংগ্রেছ কর্মীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ লগতে দলীয় নেতৃত্বক এই সিদ্ধান্ত প্রত্যাহাৰৰ বাবে আহ্বান জনাইছে৷