নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত টাটা মটর্ছৰ নতুন বাহন

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ ভাৰতৰ আগশাৰীৰ অ’টোমোবাইল প্রতিষ্ঠান টাটাই উত্তৰ–পূববাসীৰ বাবে মুকলি কৰিলে প্রিমিয়াম ফ্রেগছিপ এছইউভি টাটা ছাফাৰী৷

কালি টাটা মটর্ছৰ ফ্লেগছিপ এছইউভি টাটা ছাফাৰী বাহনখন কামাখ্যাস্থিত কামাখ্যা মটর্ছত উদ্বোধন কৰা হয়৷

বাহনখন অনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্রিয় কণ্ঠশিল্পী দীক্ষুৱে৷ কালিৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ গ্রাহকৰ নিকটৱর্তী টাটাৰ শ্ব’ৰুমত বাহনখন উপলব্ধ হ’ব৷

এই অনুষ্ঠানত টাটা মটর্ছৰ বিজনেছ আৰু ইনষ্টিটিউচনৰ ছিনিয়ৰ মেনেজাৰ প্রখ্যাত বৰুৱা, টেৰিটৰিয়েল ছেলছ মেনেজাৰ ঋত্বিক হেমকা আৰু কামাখ্যা মটর্ছৰ স্বত্বাধিকাৰী মদন মালহোত্ৰা উপস্থিত থাকে৷

You might also like