নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋতুপৰ্ণৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব CIDক, মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৩জুনঃ ঋতুপৰ্ণ পেগুৰ হত্যাৰ তদন্তৰ দায়িত্ব CIDক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ। নুনমাটিৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই ৰাজ্য কঁপাই যোৱা সময়তে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। দিন-দুপৰতে হত্যাকাণ্ড সংঘটিত হোৱা এই নৃশংস ঘটনাক একেমুখে গৰিহনা দিছে সকলোৱে। ন্যায় বিচাৰি মহানগৰীৰ নুনমাটি থানা ঘেৰাও দল-সংগঠনৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হত্যাকাণ্ডৰ তদন্তৰ CIDক দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ আহ্বান জনাইছে উত্তেজিত ৰাইজে।

You might also like