পশ্চিম গুৱাহাটীত কংগ্রেছত প্রার্থিত্বকেন্দ্রিক সংঘাত
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নির্বাচনক লৈ শাসকীয় বিজেপি, অগপ, প্রধান বিৰোধী কংগ্রেছ, এআইইউডিএফ, ৰাইজৰ দল, অজাপকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্রার্থিত্বকেন্দ্রীক সংঘাত৷ শেহতীয়াকৈ কংগ্রেছ দলত প্রার্থিত্বকেন্দ্রীক সংঘাতক লৈ দলটোৰ ভিতৰচ’ৰাত বিদ্রোহৰ সূচনা হৈছে৷ মহাজোঁটৰ অংশীদাৰ দলক আসন এৰি দিয়াত বহু জ্যেষ্ঠ কংগ্রেছী নেতাই সমষ্টি হেৰুৱাবলগীয়া হৈছে৷ দিছপুৰ সমষ্টিটো মহাজোঁটৰ প্রার্থীক এৰি দিয়াক লৈ তৃণমূল কংগ্রেছ কর্মীয়ে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে বহু কর্মীয়ে দল এৰিবলৈয়ো সাজু হৈছে৷ প্রার্থিত্বকেন্দ্রীক যুঁজ চলি থকাৰ সময়তে সন্মানীয় ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিত প্রার্থিত্বক লৈ কংগ্রেছ দলটো বহুধা বিভক্ত হৈছে৷
তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৪০ সমষ্টিৰ তালিকা কংগ্রেছ দলে এতিয়াও প্রকাশ কৰা নাই৷ কিন্তু সমষ্টিয়ে সমষ্টিয়ে প্রার্থিত্ব প্রত্যাশীসকলে প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিত কংগ্রেছ দলৰ টিকট বিচাৰি ১০জনকৈ নেতাই আবেদন কৰিছে৷ এইসকলৰ ভিতৰত আছে জ্যেষ্ঠ কংগ্রেছ নেতা ৰমেন বৰঠাকুৰ, গায়ক কুমুদ চন্দ্র বৰুৱা (বাবু), দ্বিজেন্দ্র নাথ শর্মা, দেৱ কুমাৰ বর্মন, বনদীপ দত্ত, নৱ কুমাৰ ডেকা, ৰাজা দাস, অভিজিৎ মজুমদাৰ, ৰতন বড়ো আৰু লক্ষ্মন ৰাভা৷ দলীয় প্রার্থিত্ব বিচাৰি আবেদন কৰা ১০ গৰাকী প্রার্থিত্ব প্রত্যাশীয়ে সমর্থকক লগত লৈ সমষ্টিটোত প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷
ইয়াৰ উপৰি প্রার্থিত্ব লাভৰ বাবে প্রতিগৰাকী নেতাই বিভিন্ন প্রকাৰে হাইকামাণ্ডলৈ বার্তা প্রেৰণ কৰিছে৷ সমষ্টিটোত বহুকেইগৰাকী জ্যেষ্ঠ কংগ্রেছ নেতাই প্রার্থিত্ব বিচাৰিছে যদিও এপিচিচিৰ সভাপতি ৰিপুন বৰাই জনপ্রিয় কণ্ঠশিল্পী বাবুক সমষ্টিটোৰ পৰা প্রার্থিত্ব প্রদানৰ বাবে হাইকামাণ্ডক হেঁচা প্রয়োগ কৰিছে৷ ইফালে আনকেইগৰাকী প্রার্থিত্ব প্রত্যাশীয়েও বিভিন্ন ধৰণে হাইকামাণ্ডলৈ বার্তা প্রেৰণ কৰিছে৷ পশ্চিম গুৱাহাটী সমষ্টিটো শাসনাধিষ্ঠিত বিজেপিয়ে মিত্রজোঁট অগপক এৰি দিছে৷ ইয়াকে লৈ বিজেপিৰ তৃণমূল কর্মীয়ে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু বিজেপি শীর্ষ নেতৃত্বৰ নির্দেশমর্মে প্রার্থিত্বক লৈ অগপ আৰু বিজেপি কর্মীসকলৰ মাজত থকা সংঘাতৰ কিছু উপশম ঘটিছে৷ সম্ভৱতঃ আজি বিজেপিয়ে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রাথিৰ তালিকা ঘোষণা কৰিব৷
কংগ্রেছ দলেও এতিয়ালৈকে তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থীৰ তালিকা প্রকাশ কৰা নাই৷ পশ্চিম গুৱাহাটী সমষ্টিৰ প্রার্থিত্বক লৈ লবিকেন্দ্রীক ৰাজনীতি আৰম্ভ হোৱা বুলিও দলটোৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ পশ্চিম গুৱাহাটী সমষ্টিৰ প্রার্থিত্বক লৈ কংগ্রেছ দলত চলি থকা অন্তঃকন্দলে’, বিজেপি আৰু অগপৰ মিত্রজোঁটৰ প্রার্থিকে জয়ৰ সুযোগ দিব বুলি সর্বত্র চর্চা চলিছে৷ পশ্চিম গুৱাহাটী সমষ্টিত বর্তমানৰ বিধায়ক ৰমেন্দ্রন নাৰায়ণ কলিতাই প্রার্থিত্ব প্রার্থিত্ব লাভ কৰার সম্ভাৱনা আছে৷ সমষ্টিটোত বিধায়কগৰাকীয়ে ইতিমধ্যে ব্যাপক নির্বাচনী প্রচাৰ চলাই ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷