নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰ ব্যক্তিগতকৰণক লৈ কংগ্রেছৰ অপপ্রচাৰঃ বিজেপি

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰকে ধৰি দেশৰ কেইবাটাও বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে কংগ্রেছ দলে অপপ্রচাৰ চলাইছে৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰৰ৷ দেওবাৰে এক প্রেছ বিজ্ঞপ্তিত তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ তথা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ ভিত্তিত হস্তান্তৰ প্রক্রিয়াৰ যোগেদি সেৱাৰ মানসমূহ আন্তর্জাতিক মানলৈ উন্নীত কৰিব৷ বিমানবন্দৰটো টার্মিনেল আৰু পর্যটকৰ বাবে থকা অন্যান্য সা–সুবিধাসমূহ ব্যক্তিগত অংশীদাৰিত্বৰে উন্নত মানৰ সেৱা আগবঢ়াব বিচৰাটো সম্পূর্ণ বিমানবন্দৰটোৰ ব্যক্তিগতকৰণ নুবুজায়৷ বিমানবন্দৰটোৰ ৰানৱে আৰু ইয়াৰ ট্রেফিক নিয়ন্ত্রণ ব্যৱস্থাটো ভাৰতীয় বিমান সেৱা প্রাধিকৰণৰ হাততে থাকিব৷ ইফালে, বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে কাইলৈ বৰঝাৰ বিমান বন্দৰৰ সন্মুখত প্রদেশ কংগ্রেছে এএইইউৰ সহযোগত দুঘণ্টীয়া প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব৷

You might also like